এক অভাৰত ৭ টা ছয় কোবাই নতুন অভিলেখ মহাৰাষ্ট্ৰৰ অ'পেনাৰ ৰুতুৰাজৰ...

বিজয় হাজাৰে ট্ৰফীৰ কোৱাটাৰ ফাইনেল

author-image
Asomiya Pratidin
New Update
এক অভাৰত ৭ টা ছয় কোবাই নতুন অভিলেখ মহাৰাষ্ট্ৰৰ অ'পেনাৰ ৰুতুৰাজৰ...

vijay hazare trophy

ডিজিটেল ডেস্ক : এটা অভাৰত সাতটা ছয় কোবাই এক নতুন অভিলেখ গঢ়িলে মহাৰাষ্ট্ৰৰ অধিনায়ক ৰুতুৰাজ গায়কৱাডে। উল্লেখ্য যে বিজয় হাজাৰে ট্ৰফীৰ কোৱাটাৰ ফাইনেলত উত্তৰ প্ৰদেশৰ সৈতে অনুষ্ঠিত হোৱা খেলত এটা অভাৰত সাতটা ছয় কোবাই লিষ্ট-এ ক্ৰিকেটত প্ৰথম তথা নতুন অভিলেখ গঢ়িলে ৰুতুৰাজে।

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম বি গ্ৰাউণ্ডত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেল খেলত অ'পেনাৰজনে তেওঁৰ দলৰ হৈ ২২০ ৰান সংগ্ৰহ কৰাৰ লগতে নট আউটেৰে ইনিংছ সামৰে।

ৰুতুৰাজ গায়কৱাডে ইনিংছৰ ৪৯ তম অভাৰত শিৱ সিঙক বলাৰ হিচাপে লৈ অভিলেখ সৃষ্টি কৰিছিল। ন' বলৰ বাবে এইটো সাত বলৰ অভাৰ আছিল। আৰু গোটেইকেইটা বলতেই ছয় মাৰি অভিলেখ গঢ়ে ৰুতুৰাজে।

আৰু পঢ়ক : 'গুৱাহাটীৰ লগতে সৰু চহৰতো অনুষ্ঠিত কৰা হ'ব ক্ৰিকেট খেল' : তৰংগ গগৈ

cricket ruturaj vijay hazare trophy