মায়ং আঞ্চলিক মহাবিদ্যালয়ত 'নাক' ৰ দল

১০ কিলোমিটাৰজোৰা পথত উষ্ণ আদৰণি
মায়ং আঞ্চলিক মহাবিদ্যালয়ত 'নাক' ৰ দল

ডিজিটেল সংবাদ, মায়ং : ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ 'নাক' ৰ তিনি জনীয়া এটা দলে সোমবাৰে প্ৰথম বাৰৰ বাবে মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় পুৱা ৯ বজাত। পৰিদৰ্শন কাৰী দলটোক চন্দ্ৰপুৰ গোবৰ্ধন ৰ পৰা বুঢ়া মায়ং,সতীভেটি  হৈ ৰজা মায়ঙলৈ সমগ্ৰ মায়ং এলেকাত বিপুল আদৰনি জনাই।

প্ৰতিটো চুবুৰী আৰু মহাবিদ্যালয়লৈ যোৱা পথত গাৱৰ পুৰুষ মহিলা ,বৃদ্ধ সকলোৱেই ফুল,গামোচাৰে উষ্ণ আদৰণি জনাই। ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহ কোৱৰ,মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ফনিভূষন নাথ, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰা, অধ্যাপক অধ্যাপিকা আৰু  ছাত্ৰ ছাত্ৰী সকলেও মহাবিদ্যালয়ৰ পৰা দুশ মিটাৰ নিলগৰ পৰাই আদৰি নিয়া কাৰ্য দেখি অভিভূত হৈ পৰে দলটো।

মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সাংস্কৃতিক দল, সত্ৰীয়া নৃত্য, বিহু, গায়ন বায়নৰ দল ,কাৰ্বি নৃত্যৰ দলে নৃত্য পৰিৱেশন কৰি দলটোক মহাবিদ্যালয়লৈ আদৰি নিয়া পৰিবেশে এক অনন্য মাত্ৰা দিয়ে। নাক ৰ দলটোত থাকে ড০ শশীকান্ত দাস, পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, ড০ গনেশ কুমাৰ ত্ৰিপাঠী,অধ্যক্ষ, চি এন কলা আৰু বানিজ্য মহাবিদ্যালয়, গান্ধী নগৰ, গুজৰাট আৰু ড০ শিৱ থিথাপ্পা কে, কৰ্ণাটকৰ তুমকুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ।

উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয় খন ১৯৯২ চনতে ৰাইজৰ দান বৰঙণিৰে স্থাপন হৈছিল ৰজা মায়ঙত। ২০১৩ চনত মহাবিদ্যালয় খন চৰকাৰী কৰণ হয় যদিও নাক ৰ পৰিদৰ্শন হোৱা নাছিল। ৰূপালী  জয়ন্তী বৰ্ষ  অতিক্ৰম  কৰা মহাবিদ্যালয় খন আজি প্ৰথম বাৰৰ বাবে নাকৰ দল উপস্থিত হৈ পৰিদৰ্শন কৰি যোৱাৰ পিছতেই গ্ৰামাঞ্চলত স্থাপন হোৱা অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান খনে বিশেষ গুৰুত্ব লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। সেয়ে আজি মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু মায়ঙৰ ৰাইজে দলটোক উষ্ণ আদৰণি জনাই।

আৰু পঢ়ক : নিয়ম কাৰ বাবে ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in