/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7467cb1b-4e45-4578-ad89-da4d25115d8d/mv_28.jpg)
৪৫ দিনত ২৭ খন নদীৰে ৩২ হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি লক্ষ্যস্থানত 'এম ভি গংগা বিলাস'...
ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ 'এম ভি গংগা বিলাসে' কেৱল ২৮ গৰাকী বিদেশী পৰ্যটকক লগত লৈ ভ্ৰমণ কৰা নাই। ই মানসিকতাৰ পৰিৱৰ্তন কঢ়িয়াই আনিছে। কঢ়িয়াই আনিছে প্ৰচুৰ সম্ভাৱনা। ব্ৰহ্মপুত্ৰ বুকুৱেদি দেশৰ শক্তি প্ৰদৰ্শন কৰিছে।'- এই মন্তব্য ভাৰত চৰকাৰৰ বন্দৰ আৰু জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e22c3766-322d-440a-9fa1-73ea5d8da4d4/b1052b08_aef4_4291_8c3c_edd781400c6d.jpg)
আজি বগীবিলত অনুষ্ঠিত এক আদৰনি অনুষ্ঠানত তেওঁ এই দৰে কয়। চলিত বৰ্ষৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্লেগ অফ্ কৰাৰ পাছত গংগা বিলাসে বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ,ঝাৰখণ্ড, পশ্চিম বংগৰ লগতে বাংলা দেশৰ মাজেৰে যাত্ৰা কৰি বিগত ১৭ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/21d9935f-c317-41bb-9480-6fbf8104947c/MV_Ganga_Vilas.jpg)
দুখন দেশৰ ২৭ খন নদী প্ৰণালীৰ মাজেৰে সুদীৰ্ঘ ৪৫ দিনৰ যাত্ৰা কৰি অভিলেখ গঢ়া গংগা বিলাসে পৃথিৱীৰ আটাইতকৈ দীঘল নদীপথ ভ্ৰমণ কৰিলে। গংগা বিলাস বাৰাণসীৰ পৰা অৱশেষত আজি গন্তব্য স্থান ডিব্ৰুগড়ৰ বগীবিলত উপস্থিত হ'লহি।
বগীবিলত ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ অধীনত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা আদৰণি জনোৱাৰ বাবে ব্যাপক আয়োজন কৰা হয়। কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্রী, কূটনীতিবিদৰ লগতে বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
কেইবাজনো মন্ত্ৰী আমোলা,বিশিষ্ট ব্যক্তিৰে পৰিৱেষ্টিত দলটোক বিহু, ঝুমুৰ, গুমৰাগ চমান নৃত্য আদিৰে আদৰণি জনোৱা হয়। এম ভি গংগা বিলাস ক্রুজ খনে ভাৰতীয় উপ-মহাদেশত পৰ্যটনৰ ক্ষেত্ৰত বিশেষভাৱে উন্নতি সাধিব।
অসমৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ পর্যটন তথা বাণিজ্যিক দিশক গংগা বিলাসৰ সফলতাই অধিক ফলপ্ৰসূ কৰিব বুলি কেইবাজনো বক্তাই মন্তব্য কৰে । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্রী, কূটনীতিবিদ আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2cbd97fa-aeac-441d-8a86-dbe3b95d597f/332964631_942273460264351_3388156403216057632_n.jpg)
সেইসকলৰ ভিতৰত আছিল শ্ৰীপদ নায়ক, (এম.ও.পি.এছ.ডব্লিউ. ৰাজ্যিক মন্ত্ৰী), শান্তনু ঠাকুৰ, (এম.ও.পি.এছ.ডব্লিউ. ৰাজ্যিক মন্ত্ৰী) ৰামেশ্বৰ তেলী (কেন্দ্ৰীয় মন্ত্ৰী), ড০ ৰাজ কুমাৰ ৰঞ্জন সিং (এম ই এ ৰাজ্যিক মন্ত্ৰী), জয়ন্ত মাল্লা বৰুৱা (পৰ্যটন মন্ত্ৰী), মঃ খালিদ মাহমুদ চৌধুৰী, (সাংসদ, বাংলাদেশ ৰাজ্যিক মন্ত্ৰী), টাপিৰ গাও, সাংসদ, (অৰুণাচল প্ৰদেশ), প্ৰদান বৰুৱা (সাংসদ লখিমপুৰ, অসম) আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a051fff7-9191-4a42-b98a-8b083b2208ad/333281091_2441450326018746_128478658642924401_n.jpg)
উল্লেখ্য যে, আজি এম ভি গংগা বিলাসত যাত্ৰা কৰা ২৮ গৰাকী যাত্ৰীক এই ভ্ৰমণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি বিদায় সভা অনুষ্ঠিত হয় যদিও জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ ২৮ গৰাকী যাত্ৰীয়ে আজি ডিব্ৰুগড়ত এম ভি বিলাসতেই পাৰ কৰিব নিশা।
বুধবাৰে তেওঁলোকে ডিব্ৰুগড়ৰ পৰাই বিমানেৰে স্বদেশলৈ ৰাওনা হ'ব। ইফালে এম ভি গংগা বিলাসে পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ পৰা বাৰণাসীলৈ আন এটা পৰ্যটকৰ দলক লগত লৈ উভতনি যাত্ৰা আৰম্ভ কৰিব। কাজিৰঙাকে ধৰি বিভিন্ন স্থানত থকা কেইবাজনো পৰ্যটক আৰু ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তিক লগত লৈ যাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d1e6e93b-1e35-4d4b-926c-ba0a152840ec/333355185_1590847234661003_5079862519892314156_n.jpg)