প্ৰত্যুষ প্ৰতীম হাজৰিকা আৰু সংগীতা হাজৰিকাৰ কন্ঠত "কথা দিলো তোমাৰে হ'ম" গীতৰ শুভ উন্মোচন

প্ৰত্যুষ প্ৰতীম হাজৰিকা আৰু সংগীতা হাজৰিকাৰ কন্ঠত "কথা দিলো তোমাৰে হ'ম" গীতৰ শুভ উন্মোচন

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত মঙলবাৰে উদীয়মান কন্ঠশিল্পী প্ৰত্যুষ প্ৰতীম হাজৰিকা আৰু সংগীতা হাজৰিকাৰ কণ্ঠত "কথা দিলো তোমাৰে হম" শীৰ্ষক এটি ৰোমান্টিক গীতৰ এলবামৰ শুভ উন্মোচন কৰে । উন্মোচন কৰে চৰকাৰী স্বীকৃতি প্ৰাপক লোক সংগীতৰ শিল্পী পূৰ্ণকান্ত নাথে ।

গীতৰ শুভ উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি দিয়া বক্তব্যত বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সম্পাদক জয়ন্ত বৰা, নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি আনোৱাৰ আহমেদ, জামুগুৰি ক্ৰীড়া সন্হাৰ সভাপতি গৌতম লাহনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে কয় যে জামুগুৰিহাটৰ শ’লগুৰি গাঁও নিবাসী দুই উদীয়মান শিল্পীয়ে পৰিবেশন কৰা গীতটিয়ে অসমৰ সংগীত জগত খনত বিশেষ স্থান দখল কৰিব আৰু এই ৰোমান্তিক গীতে সংগীতপ্ৰেমী ৰাইজৰ হৃদয় জয় কৰিব পাৰিব বুলি মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in