ৰাইডঙীয়া হলিৰাম শইকীয়া উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যনিৰ্বাহক সভা

ৰাইডঙীয়া হলিৰাম শইকীয়া উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ১৯৪৮ চনত স্থাপিত হোৱা নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে ৭৫ বছৰ অতিক্ৰম কৰিছে। সেয়ে চলিত ২০২৩ বৰ্ষৰ আগন্তুক দিনত গৌৰৱোজ্জ্বল ৭৫ বছৰ উপলক্ষে বিদ্যালয়খনত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী অনুষ্ঠিত হ'ব বুলি জনায়।

বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া মহাৰজত জয়ন্তী উদযাপনৰ সন্দৰ্ভত মঙলবাৰে উদযাপন সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ শইকীয়াই।

অধ্যক্ষ মুক্তি দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিত্ত, সাংস্কৃতিক, প্ৰচাৰ, সমন্বয়, স্মৃতিগ্ৰন্থ, খাদ্য, শোভাযাত্ৰা, সেৱা, তথ্য প্ৰযুক্তি, শান্তিকে আদি কৰি ১০ খন উপসমিতি বৰ্ধিত ৰূপত গঠন কৰা হয়। ৰহিমা খাতুন আহমেদ, তিলক ডেকা, ধৰ্ম বৰা, নৱকমল ৰাজা, ৰমেশ বৰা, যতীন চন্দ্ৰ বৰা, বুধেন বৰা, প্ৰবীন কলিতা, জয়ন্ত পাৰ্থ বৰা, শংকৰজ্যোতি শৰ্মা, প্ৰভাত দাস, প্ৰসন্ন কলিতা, ৰাজীৱ বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা সভাখনত মহাৰজত জয়ন্তী উদযাপনৰ সন্দৰ্ভত আগন্তুক দিনত প্রচাৰ, আন্তঃগাঁথনি, পুজি সংগ্রহ, স্মৃতিগ্ৰন্থ, সাংস্কৃতিক কাৰ্যসূচী আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in