অসম কৃষি বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম কাঠফুলা উৎপাদন প্ৰযুক্তিৰ হ্ৰস্বকালীন প্ৰশিক্ষণৰ সামৰণি

ড০ অপূৰ্ব দাসে শলাগ জ্ঞাপন কৰা সভাখনত কাঠফুলাৰ খেতি আৰু বাণিজ্যিক সম্ভাৱনীয়তা বিষয়ক এখন পুস্তিকা উন্মোচন কৰা হয়
অসম কৃষি বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম কাঠফুলা উৎপাদন প্ৰযুক্তিৰ হ্ৰস্বকালীন প্ৰশিক্ষণৰ সামৰণি

ডিজিটেল সংবাদ,যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দুৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে আৰম্ভ কৰা "কাঠফুলা উৎপাদন প্ৰযুক্তিৰ "ৰ এমাহজোৰা হ্ৰস্বকালীন প্ৰশিক্ষণৰ বৃহস্পতিবাৰে সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণিত শস্যৰোগ বিজ্ঞান বিভাগৰ সভাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণত অংশগ্ৰহণ কৰা ২৪ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

মুক্ত আৰু দূৰ শিক্ষাৰ সঞ্চালক ড০ ৰমণীকান্ত ঠাকুৰীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ অশোক ভট্টাচাৰ্যই বক্তব্য আগবঢ়াই বৰ্তমান সময়ত কাঠফুলাৰ জনপ্ৰিয়তা আৰু অসমত ইয়াৰ সম্ভাৱনা আৰু ভৱিষ্যতৰ বিষয়ে উল্লেখ কৰি ৰুচিসন্মতভাৱে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাঠফুলাৰ ব্যৱসায় অন্যতম হ'ব পাৰে বুলি উল্লেখ কৰে ।

কৃষি বিজ্ঞান গুৰু ড০ জয়ন্ত ডেকাই প্ৰশিক্ষাৰ্থীসকলে এই প্ৰশিক্ষণৰ পৰা দক্ষতা বিকাশৰ বাবে যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰি কয় যে কৃষি আৰু আনুসংগিক বিষয় এতিয়া জীবিকাৰ পৰা ব্যৱসায়লৈ ৰূপান্তৰ হৈছে । নতুন চিন্তাৰে বজাৰ দখলৰ চেষ্টাৰে বজাৰত দক্ষতা দেখুবাব লাগিব। জ্ঞানৰ লগতে দক্ষতা অৰ্জন কৰিব লাগিব ।

পাঠ্যক্ৰমৰ সমন্বয়ক ড০ সুপ্ৰিয়া শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত শস্যৰোগ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ পলাশ দেৱনাথে পাঠ্যক্ৰমৰ বিষয়ে মত ব্যক্ত কৰে। স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস আৰু সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদে ভাষণ প্ৰসংগত কাঠফুলাৰ ব্যৱসায়িক সম্ভাৱনীয়তা আৰু অৰ্থনৈতিক লাভৰ বিষয়ত বক্তব্য আগবঢ়োৱা অনুষ্ঠানত ড: মনোজ কুমাৰ কলিতা আৰু ড০ ডেইজী সেনাপতিয়ে অংশগ্ৰহণ কৰে।

ড০ অপূৰ্ব দাসে শলাগ জ্ঞাপন কৰা সভাখনত কাঠফুলাৰ খেতি আৰু বাণিজ্যিক সম্ভাৱনীয়তা বিষয়ক এখন পুস্তিকা উন্মোচন কৰা হয়।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম কাঠফুলা উৎপাদন প্ৰযুক্তিৰ হ্ৰস্বকালীন প্ৰশিক্ষণৰ সামৰণি
লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰা নীলাঞ্জনা বেজবৰুৱাক সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in