লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰা নীলাঞ্জনা বেজবৰুৱাক সম্বৰ্ধনা

আৰক্ষীয়ে নৃত্যশিল্পী গৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে
লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰা নীলাঞ্জনা বেজবৰুৱাক সম্বৰ্ধনা

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য পৰিৱেশন কৰি " লণ্ডন বুক অফ ৱৰ্লড ৰেকৰ্ডত" নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় । নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য পৰিৱেশনৰ জৰিয়তে এই সন্মান বুটলিবলৈ সক্ষম হোৱাৰ পাছতেই নীলাঞ্জনা বেজবৰুৱাৰ বাসগৃহত লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ববীয়া উপস্থিত হৈ এই সন্মান প্ৰদান কৰে।

নীলাঞ্জনা বেজবৰুৱাৰই এই কৃৰ্তিত্ব লাভ কৰাৰ পিছত বেজবৰুৱাৰ বাসগৃহত পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত ৰয়ৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হৈ নীলাঞ্জনা বেজবৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে। পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰেই নীলাঞ্জনা বেজবৰুৱাৰ এই সফলতাৰ বাবে আৰক্ষীয়ে নৃত্যশিল্পী গৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ।

লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰা নীলাঞ্জনা বেজবৰুৱাক সম্বৰ্ধনা
ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in