১২ বছৰ পাছত ন্যায়! মুকুল চৌধুৰীৰ হত্যাকাৰীক আদালতে বিহিলে শাস্তি...

ধুবুৰীৰ বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশে ২৮ নৱেম্বৰত ঐতিহাসিক ৰায়দান কৰে।সুদীৰ্ঘ ১২ বছৰ পাছত ন্যায় প্ৰদান কৰিলে হত্যাৰ বলি হোৱা মুকুল চৌধুৰীৰ পৰিয়ালক।
১২ বছৰ পাছত ন্যায়! মুকুল চৌধুৰীৰ হত্যাকাৰীক আদালতে বিহিলে শাস্তি...

ডিজিটেল সংবাদ, বিলাসীপাৰা: ধুবুৰীৰ বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশে ২৮ নৱেম্বৰত ঐতিহাসিক ৰায়দান কৰে।সুদীৰ্ঘ ১২ বছৰ পাছত ন্যায় প্ৰদান কৰিলে হত্যাৰ বলি হোৱা মুকুল চৌধুৰীৰ পৰিয়ালক।

এই ঐতিহাসিক ৰায়দান বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ সুজিত কুমাৰ ঘোষৰ বিচাৰপীঠে প্ৰদান কৰে। ইতিমধ্যে উল্লেখ্য যে বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাঁও প্ৰথম খণ্ড গাৱত ২০১০ চনৰ ১৭ অক্টোবৰৰ পুৱা হত্যাৰ বলি হৈছিল মুকুল চৌধুৰী।

প্ৰাপ্ত তথ্যমতে একেখন গাঁৱৰ কনক বৰ্মনে উক্ত দিনা পুৱাৰ ভাগত ঘৰৰ পৰা মাতি নি পথাৰত মুকুল চৌধুৰীক হত্যা কৰিছিল।হত্যাকাণ্ডৰ পাছত মুকুল চৌধুৰীৰ মাতৃ সান্ত্বনা চৌধুৰীয়ে বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাখনত ৫২২/১০ নম্বৰত গোচৰ ৰুজু কৰিছিল।

সেই মতে, মহকুমা আদালতত ২৩৫(২) চিআাৰপিচি/৩০২/৩৬৪/২০১/ ধাৰাত পঞ্জীভুক্ত গোচৰৰ ২০২২ চনৰ ২৮ নৱেম্বৰত জিলা সত্ৰ ন্যায়াধীশে চূড়ান্ত ৰায় প্ৰদান কৰে।হত্যাকাণ্ডৰ মূল অভিযুক্ত কনক বৰ্মণক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা তপন কুমাৰ ভট্টাচাৰ্যই।

বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ সুজিত কুমাৰ ঘোষৰ বিচাৰপীঠে প্ৰদান কৰা এই ঐতিহাসিক ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰে দুৰ্ভগয়ীয়া পৰিয়ালটোয়েৰ লগতে বিলাসীপাৰাবাসী ৰাইজে।

আৰু পঢ়ক: প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতে ২ লাখ কোটি টকা ৰাহি কৰিছে: বিত্ত মন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in