নয়নজ্যোতি শৰ্মাৰ 'জাল কটা জুই'লৈ 'মুনীন বৰকটকী সাহিত্য বঁটা-২০২৩'

নয়নজ্যোতি শৰ্মাৰ 'জাল কটা জুই'লৈ 'মুনীন বৰকটকী সাহিত্য বঁটা-২০২৩'

ডিজিটেল ডেস্ক: সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰপৰা অসমীয়া প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ প্ৰদান কৰি অহা বাৰ্ষিক মুনীন বৰকটকী সাহিত্য বঁটা, ২০২৩ সোমবাৰে ঘোষণা কৰা হয়। মুনীন বৰকটকী স্মাৰক ন্যাসৰ ফালৰ পৰা এক বিবৃতিযোগে এই বটাঁৰ কথা প্ৰকাশ কৰা হয়।

২০২৩ বৰ্ষৰ ২৯ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা 'জাল কটা জুই' শীর্ষক চুটিগল্প সংকলনৰ বাবে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ আগবঢ়োৱা হৈছে। ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি-পত্ৰ।

নয়নজ্যোতি শৰ্মাৰ 'জাল কটা জুই'লৈ 'মুনীন বৰকটকী সাহিত্য বঁটা-২০২৩'
নিৰ্বাচনৰ পূৰ্বে কেদাৰনাথ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in