চৰাইদেউত লাভলীনা বৰগোঁহাইক টাইপাৰ বীৰাঙ্গনা মুলগাভৰু বঁটা প্ৰদান...

২০১৩ বর্ষৰ পৰা ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে ”বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান”

author-image
Asomiya Pratidin
New Update
চৰাইদেউত লাভলীনা বৰগোঁহাইক টাইপাৰ বীৰাঙ্গনা মুলগাভৰু বঁটা প্ৰদান...

ডিজিটেল সংবাদ, চৰাইদেউ : প্ৰৱল প্ৰতাপী মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাঙ্গনা মূলাগাভৰু কেৱল নিজ পতিৰ প্ৰতি থকা অতুলনীয় প্ৰেমৰ বাবেই নহয়, প্ৰৱল স্বদেশানুৰাগেৰে উজ্জ্বীৱিত এগৰাকী শক্তিশালী অসমীয়া নাৰী ৷

Advertisment

টাই আহোম যুৱ পৰিষদ, অসমৰ চৰাইদেউ জিলা সমিতিয়ে এইগৰাকী অসমৰ জাতীয় বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্য্যদাৰে সুঁৱৰি ২০১৩ বর্ষৰ পৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে ”বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান” ৷

সংগঠনটোৱে বিগত বছৰসমূহত অসমৰ কেইবাগৰাকীও বৰেণ্যা নাৰীক প্ৰদান কৰা বীৰাঙ্গনা মূলাগাভৰু বঁটা এইবাৰ অলিম্পিক পদক বিজয়ী, আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইক প্ৰদান কৰে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইক প্ৰদান কৰে "বীৰাঙ্গনা মূলাগাভৰু বঁটা"।

টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ দ্বিতীয় দিনা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে প্ৰদান কৰা হয় এই বঁটা।

Also Read: কি বাৰ্তাই বিশেষ কৰিলে "মন কি বাত" ?

charaideo