/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6bb0c8f5-3ae7-4ead-8649-92721b8f0879/nasoni.jpg)
মুকলি বিহু
ডিজিটেল সংবাদ, মথুৰাপুৰঃ ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰভঙা উছাহ ৷ কি শিশু, কি ডেকা-গাভৰু, কি বৃদ্ধ সকলো ব্যস্ত এতিয়া বিহুৰ আনন্দ উল্লাখত ভাগ লোৱাত ৷ নাই কাৰোৰে যেন আহৰি ৷
চৌদিশে কেৱল ঢোলৰ গোম-গোমনি ৷ ঢোল-পেঁপাৰ মাতত ৰজন জনাইছে ৰাজ্যৰ আকাশ-বতাহ ৷ কি ব’হাগী অনুষ্ঠান কি মুকলি বিহু, কি মঞ্চ বিহু সকলোতে বিহুকলৈ অনুষ্ঠান আয়োজন দেখিবলৈ পোৱা গৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0f0e72bd-54de-4255-814f-3763caf6b1f3/df329a81_f891_4f8f_baa4_7644dfa96917.jpg)
ৰাজ্যবাসীৰ লগতে চৰাইদেউৰ মথুৰাপুৰতো দেখা গৈছে বিহুৰ আনন্দ উল্লাস ৷ সোমবাৰে মথুৰাপুৰৰ কুঁৱৰ গাঁৱতো উদযাপন কৰা হয় মুকলি বিহু ৷ ঢোল পেঁপা, গগনা মাত মুখৰিত হৈ পৰিল গ্ৰামাঞ্চলটোৰ পৰিৱেশ ৷
ডেকা-গাভৰুৰ বিহু নাচে সকলোকে কৰিলে মুহিত ৷ গাভৰুৰ জাপি লৈ নচা দৃশ্যই ৰাইজৰ মন প্ৰাণ ভৰাই তুলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b4f42927-1fa1-4535-88b8-c095c8d01936/27d4881b_e893_48fb_8245_637e4a2da534.jpg)
Also Read: ১২তম ৰংজালি বৈশাগু উৎসৱক লৈ ব্যস্ততা...