/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/064aa59b-eb5d-45f1-a2d4-970a54e96c25/barma.jpg)
ৰংজালি বৈশাগু উৎসৱ
ডিজিটেল সংবাদ, বৰমাঃ বাক্সা জিলাৰ অন্তৰ্গত বৰমাত অহা ২০ এপ্ৰিলত অনুস্থিত কৰা হ’ব ১২তম ৰংজালি বৈশাগু উৎসৱ ৷ কাৰ্যসূচী অনুসৰি পুৱা মুখ্যদ্বাৰ মুকলি কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।
মঞ্চ উদ্বোধন কৰিব বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে। ৰংজালি বৈশাগু উৎসৱৰ পতাকা উত্তোলন কৰিব ১২ তম ৰংজালি বৈশাগু উদযাপন সমিতিৰ সভাপতি গোদাধৰ বড়োই।
গোথৈছি বাওনাই ( মৃতক সকলক সন্মানেৰে অৰ্পণ ) কৰিব উদযাপন সমিতিৰ উপদেষ্টা নৰেন্দ্ৰ বড়োই। গছপুলি ৰোপণ কৰিব বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়োই। জেষ্ঠক সন্মান আৰু সৰুক মৰম কাৰ্যসূচীৰ পিছত লাংদাং বৈশাগু নৃত্য প্ৰদৰ্শন উদ্বোধন কৰিব টিহু-বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া বাৰলাম্ফা মছাহাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7c404277-1070-4780-9d3c-d00a39df6fdf/1c913824_501a_4d98_a2f7_6eeab3bed1ff.jpg)
এই কাৰ্যসূচীৰ পিছতেই বড়ো সকলৰ থলুৱা খাদ্য গ্ৰহণ কৰিব সকলোৱে। সাংস্কৃতিক প্ৰতিযোগিতাখন উদ্বোধন কৰিব বৰমা বিধান সভাৰ বিধায়ক ভূপেন বড়োই। সাংস্কৃতিক প্ৰতিযোগিতাবোৰত থাকিব গাঁৱৰ লোক সকলৰ বৈশাগু দলৰ নৃত্য, বৈশাগু জাওজা নৃত্য, বিবাহিত পুৰুষ, মহিলাসকলৰ মাজত পৃথকে পৃথকে ৰছি টনা প্ৰতিযোগিতা অনুষ্ঠিত হব।
আবেলি সাংস্কৃতিক মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৰেশ্বৰ নাৰ্জাৰীয়ে। স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব বিটিচিৰ এমচিএলএ মন্টু বড়োই। সভাখনত অতিথি হিচাপে অংশগ্ৰহণ কৰিব বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰী, বিডিঅ ড০ জীন্টু দত্ত, বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমনি গোস্বামী, এছ হিতেশ বসুমতাৰীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে।
উক্তদিনা সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী উদ্বোধন কৰিব বিটিচিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আমন্ত্ৰণ কৰিছে বড়ো কৌতুক অভিনেতা তথা গায়ক প্ৰেক্তিকেল বসুমতাৰীক। উক্ত অনুষ্ঠানত প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিবলৈ উদ্যোগতা সকলে ৰাইজক আহ্বান জনাইছে।
Also Read: পলাসবাৰীত সুঁৱৰি উৎসৱ উদযাপন...