মুছলপুৰত UPPLত যোগদান ৭ শতাধিক লোকৰ...

মুছলপুৰত ইউপিপিএল দলত যোগদান শতাধিক লোকৰ।

author-image
Asomiya Pratidin
New Update
মুছলপুৰত UPPLত যোগদান ৭ শতাধিক লোকৰ...

ডিজিটেল সংবাদ, মুছলপুৰঃ মুছলপুৰত ইউপিপিএল দলত যোগদান শতাধিক লোকৰ। শান্তি, সম্প্ৰীতিৰ শ্লোগান দিয়া ইউ.পি.পি.এল দলৰ প্ৰতি আকৃষ্ট হৈছে অধিকাংশ লোক। মুছলপুৰ ব্লক ইউ.পি.পি.এলৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল যোগদান সমাৰোহত যোগদান কৰে শতাধিক লোকে।

Advertisment

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোলৈ ঢাপলি মেলিছে বি.পি.এফ আৰু অন্যান্য দলৰ বহু লোক। শুকুৰবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৱৰ্তী অদালবাৰীত এক সভাৰ জৰিয়তে ৭০০ পুৰুষ-মহিলাই ইউ.পি.পি.এল দলত আনুষ্ঠানিকভাবে যোগদান কৰে । যোগদান কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ড০ নিলোৎ স্বৰ্গীয়াৰী, এম.চি.এল.এ মণ্টু বড়ো, ইউ.পি.পি.এলৰ কেন্দ্ৰীয় নেতৃত্ব ৰাজু নাৰ্জাৰীৰ উপস্থিতিত নতুন সদস্য সকলক গামোচা আৰু আৰ'নাইৰে আদৰণি জনোৱা হয়।

উক্ত কাৰ্যসূচীত উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে, মুছলপুৰ পৰিষদীয় সমষ্টিক সম্পূৰ্ণৰূপে বি.পি.এফ মুক্ত কৰিবলৈ আগবঢ়া হৈছে ।

Also Read: হেলেম আৰক্ষী থানাৰ অধীনলৈ ঘাঁহিগাঁও আৰক্ষী চকীৰ ৫৭খন গাঁও...

bpf uppl