মুছলপুৰত মহিলাৰ মৌন প্ৰতিবাদ

নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বিফল। এই ভাষ্য মহিলা বিপিএফৰ

author-image
Asomiya Pratidin
New Update
মুছলপুৰত মহিলাৰ মৌন প্ৰতিবাদ

ডিজিটেল সংবাদ, মুছলপুৰঃ নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বিফল। এই ভাষ্য মহিলা বিপিএফৰ। মণিপুৰৰ ঘটনা সম্পৰ্কত চৰকাৰৰ ব্যৰ্থতা সম্পৰ্কে এইদৰে ক্ষোভ উজাৰিলে মহিলা বিপিএফ কৰ্মীৰ মুছলপুৰৰ মহিলাই।

Advertisment

শুকুৰবাৰে মণিপুৰৰ ঘটনা সম্পৰ্কত চৰকাৰৰ ব্যৰ্থতাৰ বিৰোধীতা কৰি মুছলপুৰ মহিলা বিপিএফে এক মৌন সমদল কাৰ্যসূচী হাতত লয়। শতাধিক মহিলা বিপিএফ কৰ্মীয়ে মুছলপুৰ চহৰৰ মাজেৰে এই মৌন সমদল কাৰ্যসূচী গ্ৰহণ কৰি মণিপুৰৰ শান্তি তথা মহিলাক ন্যায় প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰত দাবী জনায়।

Also Read: পথৰ দুৰৱস্থাৰ বাবেই কৃষিকৰ্ম এৰিছে দুখনকৈ গাঁৱৰ ৰাইজে

protest