চিৰাঙৰ বিষ্ণুপুৰ-উলুবাৰী পথত মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত...

চিৰাঙৰ বিষ্ণুপুৰ-উলুবাৰী পথত মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত

author-image
Asomiya Pratidin
New Update
নলবাৰীৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত...

accident

ডিজিটেল সংবাদ, চিৰাংঃ শুকুৰবাৰে চিৰাং জিলাৰ বিজনীৰ উলুবাৰী-বিষ্ণুপুৰ গড়কাপ্তানী পথত দুই তীব্ৰ বেগী মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ হয় । দুই মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাস্থলীতে এজন মটৰচাইকেল আৰোহীৰ মৃত্যু হয়। নিহত মটৰচাইকেল আৰোহীজনক বিজনী অক্সিগুৰীৰ নিবাসী সন্তোষ দাস (৩৫ ) বুলি চিনাক্ত কৰা হৈছে ।

Advertisment

জানিব পৰা মতে, এ এচ ২৬ এফ ৩০৪১ পঞ্জীয়ন নম্বৰৰ গ্লেমাৰ মটৰচাইকেলেৰে বিষ্ণুপুৰ বজাৰৰ পৰা উলুবাৰী দিশে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এ এছ ২৬ এ ২৪৬০ নম্বৰৰ আন এখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত গ্লেমাৰ মটৰচাইকেল আৰোহী সন্তোষ দাস থিতাতে নিহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Also Read: দৰং জিলা সাহিত্য সভাৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

Assam police