১৯ নং আৰক্ষী বেটেলিয়ানৰ জোৱান মৃনাল দেৱ নাথৰ অকাল বিয়োগ

১৯ নং আৰক্ষী বেটেলিয়ানৰ জোৱান মৃনাল দেৱ নাথৰ অকাল বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ ভেটিয়নী গাঁও নিৱাসী তথা ডিব্ৰুগড় টেঙাখাটৰ ১৯ নং আৰক্ষী বেটেলিয়ানৰ জোৱান মৃনাল দেৱ নাথৰ দেওবাৰে অকাল বিয়োগ ঘটে। জানিব পৰা মতে মাতৃৰ চিকিৎসাৰ বাবে ঘৰলৈ চুটি লৈ অহা মৃনালে যোৱা নিশা স্বাভাৱিক ভাৱেই নিশাৰ আহাৰ গ্ৰহণ কৰি শোৱাপাটীলৈ গৈছিল। পাছত আজি পুৱা মাতৃয়ে শোৱাপাটীৰ পৰা জগাবলৈ গৈ মৃত অৱস্থাত উদ্ধাৰ কৰে।

মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। স্থানীয় লোকৰ মতে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ ৩৩ বছৰীয়া মৃনাল দেৱ নাথৰ মৃত্যু হৈছে। অমায়িক, মৰমীয়াল, শান্ত প্ৰকৃতিৰ, সৰবৰহী যুৱকজনৰ অকাল মৃত্যুত বটদ্ৰৱা, ভেটিয়নী, ভোমোৰাগুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত মৃনাল দেৱ নাথে পত্নী, মাতৃ, এটি পাঁচ বছৰীয়া কণমানি পুত্ৰ, জেষ্ঠ ভাতৃ, বৌয়েক সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

১৯ নং আৰক্ষী বেটেলিয়ানৰ জোৱান মৃনাল দেৱ নাথৰ অকাল বিয়োগ
উদং হ'ল মাতৃৰ বুকু! কপিলীৰ বুকুত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in