উদং হ'ল মাতৃৰ বুকু! কপিলীৰ বুকুত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ

শেষ হ'ল এটা পৰিয়াল, উদং হ'ল এগৰাকী মাতৃৰ বুকূ।কামপুৰত কপিলীৰ বুকুত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।

author-image
Asomiya Pratidin
New Update
উদং হ'ল মাতৃৰ বুকু! কপিলীৰ বুকুত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, কামপুৰঃ শেষ হ'ল এটা পৰিয়াল, উদং হ'ল এগৰাকী মাতৃৰ বুকূ।কামপুৰত কপিলীৰ বুকুত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।

Advertisment

উল্লেখ্য যে কামপুৰৰ চৰাইহাগী গাঁৱৰ দীগেন বৰুৱা আৰু জিতি বৰুৱাৰ দুই পুত্ৰ অমৰজ্যোতি বৰুৱা (১২) আৰু মানস বৰুৱা(১৬) কপিলী নৈ গা ধুৱ গৈ সন্ধানহীন হৈছিল। জানিব পৰা মতে কপিলী নদীত গা ধুই থকা অৱস্থাত অমৰজ্যোতি বৰুৱা পানীত ডুবি যায় । ভাতৃক অমৰজ্যোতিক বচাবলৈ ককায়েক মানস বৰুৱা আগুৱাই গৈ সন্ধানহীন হয় ।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত কামপুৰ আৰক্ষী আৰু এচ ডি আৰ এফৰ দল উপস্থিত হৈ ৰাইজৰ সহায়ত উদ্ধাৰ অভিযান চলায়। বিগত এটা দিন ধৰি স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰকাৰী দলে কপিলীৰ বুকুত উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰিব পৰা নাছিল দুই ভাতৃক।

সোমবাৰে পুনৰ দিনৰ প্ৰায় ১২ বজাত কামপুৰ আৰক্ষীৰ উপস্থিতিত এচ ডি আৰ এফৰ দলে ৰাইজৰ সহায়ত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় অমৰজ্যোতি বৰুৱাৰ ।ইয়াৰ পিছত প্ৰায় তিনি বজাত মানস বৰুৱাৰ মৃহদেহো উদ্ধাৰ কৰে দলটোয়ে।দুই ভাতৃৰ মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।

Also Read: তেজপুৰ কাৰাগাৰৰ পৰা পলাল ৩ কয়দী...

Assam police sdrf