/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f7d2ed02-68ba-4001-8f26-f40a240f8487/s12.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : গোলাঘাটৰ দৈগ্ৰোঙত "হাথ চে হাথ জোড়ো" কাৰ্যসূচীত কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । বিজেপিক সমালোচনা সাংসদগৰাকীৰ।
দৈগ্রোঙত গৌৰৱ গগৈ উপস্থিত হৈ ক্ষুৰধাৰ সমালোচনা বিজেপিক। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰা আৰম্ভ বিভিন্ন বিষ়য়ত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে। এইখন চৰকাৰে এটা পৰীক্ষাও পাতিব নাজানে। প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কয় যে যদি কোনোবা চৰকাৰে বিচাৰে প্ৰশ্নকাকত ফাদিল হোৱা বন্ধ কৰিব পাৰে।
কিন্ত এইখন চৰকাৰে কেৱল চিণ্ডিকেত চলাইচে। আমি কয়লা চিণ্ডিকেত শুনিছোঁ, বালি চিণ্ডিকেত শুনিছোঁ, শিলৰ চিণ্ডিকেত শুনিছোঁ কিন্তু বিজেপিৰ চৰকাৰ হোৱাৰ পাছত প্ৰথম বাৰৰ বাবে প্ৰশ্নকাকতৰ চিণ্ডিকেত দেখা পাইছোঁ আৰু শুনিছোঁ বুলি বিস্ফোৰক মন্তব্য কৰে।
ইফালে আইন প্ৰণয়নৰ ক্ষেত্ৰত কয় যে আজিৰ তাৰিখত চৰকাৰে কয় যে আইন উলংঘা কৰিলে তেওঁৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা লব।কিন্তু তেওঁলোকক মই সুধিব বিচাৰোঁ যে তেওঁলোক কংগ্ৰেছত থাকোঁতে তেওঁলোকে কিমান আইন উলংঘা কৰিছে, তেওঁলোকে নিজে বাচিবলৈ বিজেপিত যোগদান কৰিছে।
লুইচ বাৰ্জাৰ, সাৰদা কেলেংকাৰিৰ প্ৰসংগও টানি আনে সাংসদগৰাকীয়ে। আইনৰ কথা কোৱা সকলে আইনাত নিজৰ চেহেৰা চাব লাগে। দৈগ্রোঙত উপস্থিত হৈ সাংসদ গৰাকীয়ে ব্যৱসায়ী সকলৰ সৈতে "হাথ চে হাথ জোড়ো" কাৰ্যসূচীৰ অংশ হিচাপে কেলেণ্ডাৰ আৰু এখনকৈ পত্ৰ প্ৰদান কৰে ব্যৱসায়ী সকলক। উক্ত কাৰ্যসূচীত সাংসদ গৰাকীক সংগ দিয়ে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ'জলিনা তিৰ্কীয়ে।
Also Read: কোকৰাঝাৰত তিনিদিনীয়া কাৰ্যসূচীৰে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us