কোকৰাঝাৰত তিনিদিনীয়া কাৰ্যসূচীৰে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱ

কোকৰাঝাৰত তিনিদিনীয়া কাৰ্যসূচীৰে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ গ্ৰীণফিল্ডত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱ ৷ বিটিআৰত শান্তি আৰু একতাৰ উদ্দেশ্যৰে আৰম্ভ হোৱা বাথৌ মহোৎসৱ উপলক্ষে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আটকধুনীয়াকৈ সজাই তোলাাভহৈছে অস্থায়ী বাথৌ থানশালী অৰ্থাৎ বাথৌ মন্দিৰ ৷

আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে অস্থায়ী বাথৌ মন্দিৰ প্ৰাংগনত সিজৌ গছ স্থাপন আৰু সমূহীয়া প্ৰাৰ্থনা সভাৰে ধৰ্মীয় মহোৎসৱ আৰম্ভ হয় ৷ প্ৰথম দিনাৰ ধৰ্মীয় মহোৎসৱত উপস্থিত থাকি মহোৎসৱথলীৰ মূল প্ৰাৰ্থনা গৃহ উন্মোচন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

ধৰ্মীয় অনুষ্ঠানটোত বাথৌ ধৰ্মাৱলম্বীৰ ১০০ দেউৰী আৰু এহাজাৰ ভক্তই প্ৰাৰ্থনা সভাত ভাগ ল'ব আৰু অন্তিম দিনা ধৰ্মীয় মহোৎসৱত খেৰাই পূজা অনুষ্ঠিত হ'ব । ইপিনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মানৱ সমাজত শান্তি, সম্প্ৰীতি কামনা কৰি হিংসা-বিদ্বেষ ভাৱ আতৰাই এক সুস্থ , সবল পৰিবেশ বৰ্তাই ৰাখিবলৈ বড়োসকলৰ জগত সৃষ্টিকাৰী বাথৌ ঈশ্বৰক প্ৰাৰ্থনা কৰা হ'ব বুলি সদৰি কৰিছে ।

সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধায়কৰ লগতে ৰাজনৈতিক- অৰাজনৈতিক নেতা, বুদ্ধিজীৱি সমাজসেৱক সকলক আমন্ত্ৰণ কৰা হৈছে বুলি উদ্যোক্তা সমিতিয়ে সদৰি কৰিছে।

কোকৰাঝাৰত তিনিদিনীয়া কাৰ্যসূচীৰে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱ
ইমান সম্পত্তি ! অ' চি উৎপল বৰাৰ আলাউদ্দিনৰ চাকি নাছিল ! থানাত হাত পাতি বহিহে আছিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in