পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিলে সাংসদ আব্দুল খালেকে

দলত যোগদান কৰা নকৰা সন্দৰ্ভত সাংসদ খালেকে দিয়া নাই কোনো মন্তব্য

author-image
Asomiya Pratidin
New Update
পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিলে সাংসদ আব্দুল খালেকে

ডিজিটেল ডেস্ক : লোকসভাত টিকত নাপাই ক্ষোভিত হৈ কংগ্ৰেছ দল ত্যাগ কৰা আব্দুল খালেকে আজি কিছুসময় পূৰ্বে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিছে। বুধবাৰে দিল্লীত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাতৰ পাছতে ক্ষোভিত সাংসদগৰাকীয়ে এই সিদ্ধান্ত লয়।

Advertisment

উল্লেখ্য যে, শনিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল আব্দুল খালেকে। লোকসভাৰ টিকট নোপোৱাৰ বাবেই দলৰ ওপৰত ক্ষোভ উজাৰি কংগ্ৰেছ ত্যাগ কৰিছিল নেতাগৰাকীয়ে।

তেওঁৰ সিদ্ধান্ত সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত অৰ্পণ কৰিছিল পদত্যাগ পত্ৰ। অৱশ্যে বুধবাৰে ছোনিয়া গান্ধীক সাক্ষাতৰ পাছতে তেওঁ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰে। এই সন্দৰ্ভত খালেকে লোকসভা নিৰ্বাচন নেখেলে বুলি স্পষ্টভাৱে মন্তব্য কৰে। অৱশ্যে দলত যোগদান কৰা নকৰা সন্দৰ্ভত সাংসদ খালেকে কোনো মন্তব্য দিয়া নাই।

Also Read: অসম বৈভৱ ৰতন টাটাক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

abdul khaleque sonia gandhi