/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e29863cb-1481-4904-9654-b961544345c5/96.jpg)
ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি তথা বিশিষ্ট উদ্যোগপতি অসম বৈভৱ ৰতন টাটাক বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে। উদ্যোগপতিগৰাকীৰ মুম্বাইস্থিত বাসগৃহত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ এলানি আলোচনাতো ভাগ লয়।
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰতে ৰাজ্য চৰকাৰে এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰতন টাটাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই আলোচনা কৰে। এই আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে, এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিকছৰ পাঠ্যক্ৰম আগবঢ়াই শক্তিশালী কৰিব আৰু তেওঁলোকক জাগীৰোড গোটত নিয়োগ সুৰক্ষিত কৰাত সহায় কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/474c4488-afae-4137-afa8-acce5b11a8d4/434041720_990131402476560_6012057282138186646_n.jpg)
ইতিমধ্যে অসমৰ যুৱপ্ৰজন্মৰ ১৫০০ প্ৰতিনিধিত্বকাৰীয়ে মুখ্যতঃ মহিলাসকলে, বাংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ কথা উল্লেখ কৰে। ২০২৫ চনত ছেমিকণ্ডাক্টৰ সুবিধা কাৰ্যকৰী হোৱাৰ পাছত ই তেওঁলোকক নেতৃত্বৰ স্থিতিত ৰাখিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশা প্ৰকাশ কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, অসমত ঔদ্যোগীকৰণৰ দিশত এক ইতিহাস সৃষ্টি কৰাৰ ক্ষেত্ৰত টাটা পৰিয়ালে প্ৰয়োজনীয় সহায়-সহযোগীতা আগবঢ়াছে। টাটা ন্যাসে ২৭,০০০ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰি ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত ভালেখিনি সহযোগীতা আগবঢ়োৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/755c2db8-f85a-4e82-aa2c-86c223d5a2ee/434055459_990131475809886_6537087408231715488_n.jpg)
এই সকলো দিশতে টাটা ন্যাসে আগবঢ়োৱা সহায় আৰু বিনিয়োগৰ বাবে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে টাটা পৰিয়ালৰ মুৰব্বী অসম বৈভৱ সন্মানেৰে সন্মানিত ৰতন টাটাক কৃতজ্ঞতা জ্ঞাপন কৰে। সাক্ষাৎ কালত মুখ্যমন্ত্ৰীগৰাকীয়ে এটি স্মাৰক, প্ৰশংসা পত্ৰ,ফুলৰ থোপা আদিৰে ৰতন টাটাক সাদৰ সম্ভাষণ জনায়। উল্লেখ্য যে এই সাক্ষাৎ কালত ড০ হিমন্ত বিশ্বৰ শৰ্মাৰ পত্নী, পুত্ৰ আৰু কন্যাও উপস্থিত আছিল।
The investments being made in Assam transform the state in complex treatment for cancer care. Today, the state government of Assam in partnership with the Tata group will make Assam a major player in sophisticated semiconductors. This new development will put Assam on the global… pic.twitter.com/Ut0ViaA38N
— Ratan N. Tata (@RNTata2000) March 20, 2024
Also Read: নগাঁৱত বিশ্ব সাধুকথা কোৱাৰ দিৱস পালন