যোৰহাট অপহৰণ কাণ্ড! বন্ধুৰ সৈতে মিলি অমৰজিতে পিতৃক দাবী কৰিছিল ৫০ লাখ টকা...

বুধবাৰে যোৰহাটৰ পৰা আহিছিল এক অপহৰণ কাণ্ডৰ ঘটনা। ৰেল ষ্টেচনৰ পৰা অমৰজিৎ প্ৰসাদ নামৰ এজন যুৱকক নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

author-image
Asomiya Pratidin
New Update
যোৰহাট ৰেল ষ্টেচনৰ পৰা অপহৰণ যুৱকক...

ৰেল ষ্টেচনৰ পৰা অপহৰণ যুৱক

ডিজিটেল ডেস্ক: বুধবাৰে যোৰহাটৰ পৰা আহিছিল এক অপহৰণ কাণ্ডৰ ঘটনা। ৰেল ষ্টেচনৰ পৰা অমৰজিৎ প্ৰসাদ নামৰ এজন যুৱকক নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই  অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

Advertisment

অপহৰণৰ পাছতেই কোনো দুৰ্বৃত্তই অপহৃত অমৰজিতৰ মুক্তিপণ হিচাপে পৰিয়ালৰ লোকক ৫০ লাখ টকাৰ দাবী কৰিল। অৱশ্যে পাছলৈ উক্ত ধনৰ পৰিমাণ ৫লাখ টকালৈ হ্ৰাস কৰা কৰিছিল।

তাৰ পাছতেই অসম আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল। তদন্তত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য। অভিযোগ অনুসৰি অমৰজিতে বন্ধুৰ সৈতে মিলি পৰিয়ালৰ লোকক টকা দাবী কৰিছিল।

ইতিমধ্যে আটক হৈছে যোৰহাট অপহৰণকাণ্ডৰ মূল অভিযুক্ত। অপহৰণকাৰীটোৰ নাম ৰমেশ চাহু। ৰমেশ চাহুক লগত লৈ আৰক্ষীৰ অভিযান আৰু অভিযানত উদ্ধাৰ অপহৃত যুৱক অমৰিজৎ প্রসাদ।

আৰু পঢ়ক:  আহি আছে অসমীয়া ছবি 'ইশ্বৰ', দেখা যাব প্ৰয়াত অভিনেতা নিপন গোস্বামীকো...

assam jorhat Assam police