জামুগুৰিহাটৰ জীয়ৰীৰ শিৰত জিলিকিল মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ খিতাপ

জামুগুৰিহাটৰ জীয়ৰীৰ শিৰত জিলিকিল মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ খিতাপ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ জীয়ৰীৰ শিৰত জিলিকিল মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ খিতাপ

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ জীয়ৰীৰ শিৰত জিলিকিল মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ৰ খিতাপ। গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত স্পাৰ্ক মিছ নৰ্থ ইষ্ট-২০২৩ৰ প্ৰতিযোগিতাত জামুগুৰিহাটৰ জীয়ৰী মৌ পালে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

Advertisment

উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা অহা শতাধিক প্ৰতিযোগীক পৰাস্ত কৰি সৌন্দৰ্য্য প্ৰতিযোগিতাত ঈৰ্ষণীয় খিতাপ অৰ্জন কৰাত এতিয়া স্বাভাৱিকতে আনন্দিত হৈ পৰিছে জামুগুৰিহাটবাসী। উল্লেখ্য যে স্পৰ্ক মিছ নৰ্থ ইষ্ট -২০২৩ খিতাপ অৰ্জন কৰা মৌ পাল হ'ল জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থল নিবাসী সুব্ৰত পাল আৰু জুমা পালৰ কন্যা তথা বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰী।

Also Read: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ছত্তিশগড়ত পুনৰ বিস্ফোৰণ

jamugurihat Miss North East-2023