চিৰাঙত সশস্ত্ৰ সীমা বলৰ উদ্যোগত মটৰ ড্ৰাইভিং তথা মেৰামতি প্ৰশিক্ষণ শিবিৰ

কৰ্মশালাত যোগদান কৰা যুৱকসকলেও এচ এচ বিৰ এই প্ৰয়াসৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
চিৰাঙত সশস্ত্ৰ সীমা বলৰ উদ্যোগত মটৰ ড্ৰাইভিং তথা মেৰামতি প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ, চিৰাং : এচ এচ বিৰ ৬ নং বেটেলিয়ানৰ উদ্যোগত বুধবাৰৰ পৰা হাতিছাৰ-দাদগিৰি এলেকাত ১৫ দিনীয়া মটৰ ড্ৰাইভিং তথা মেৰামতি প্ৰশিক্ষণ শিবিৰ আৰম্ভ। চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা সশস্ত্ৰ সীমা বলৰ উদ্যোগত আজিৰ পৰা মটৰ ড্ৰাইভিং তথা মেৰামতি প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে ।

Advertisment

আজিৰ এই ১৫ দিনীয়া মটৰ ড্ৰাইভিং তথা মেৰামতি প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে এচ এচ বিৰ ৬ নং বেটেলিয়ানৰ কমান্ডেণ্ড লোকেশ সিঙে । প্ৰশিক্ষণ কৰ্মশালা উদ্বোধন কৰি কমান্ডেণ্ড লোকেশ সিঙে কয় দেশৰ সীমান্ত সুৰক্ষাৰ দায়িত্বত পালন কৰাৰ উপৰিও সশস্ত্ৰ সীমা বলে সদায় সংশ্লিষ্ট এলেকাৰ জনসাধাৰণৰ আৰ্থসামাজিক উন্নয়নৰ হকে কাম কৰি আহিছে আৰু এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতী সকলক স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে মটৰ ড্ৰাইভিং প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয় ।

আজিৰ এই প্ৰশিক্ষণ কৰ্মশালাত ভাৰত-ভূটান সীমান্ত এলেকাৰ ১৫ জন নিবনুৱা যুৱকক প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা কৰা হৈছে । কিছুদিন আগতেও এচ এচ বিৰ ৬ নং বেটেলিয়ানৰ পৰা মহিলা-যুৱতীসকলক চিলাই প্ৰশিক্ষণ আৰু যুৱকসকলৰ বাবে মোবাইল ফোন মেৰামতি কৰাৰ এক প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছিল।

তাৰ ফল স্বৰূপে আৰু উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰি বহু যুৱকে নিজে মোবাইল ফোন মেৰামতিৰ দোকান খুলি এতিয়া আৰ্থিক দিশত স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে বুলি সদৰি কৰে । কৰ্মশালাত যোগদান কৰা যুৱকসকলেও এচ এচ বিৰ এই প্ৰয়াসৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে ।

Also Read: বাৰেচহৰীয়া ভাওনাস্থলী পৰিদৰ্শন উত্তৰ অসমৰ আৰক্ষী উপ মহাপৰিদৰ্শক আৰু আৰক্ষী অধীক্ষকৰ

SSB workshop