/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1228588e-b28e-4901-ac07-e9cd8b2a460f/13.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী জিলা চিকিৎসালয়ত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ২০৪সংখ্যক আন্তৰ্জাতিক ধাত্ৰী দিৱস উদযাপন কৰা হয়।
উল্লেখযোগ্য যে, ধাত্ৰী দিৱস উপলক্ষে দেওবাৰে পুৱা হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ধাত্ৰী দিৱসৰ পতাকা উত্তোলন কৰা হয়। দিনৰ প্ৰায় ১১ বজাত হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এখন সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/df1bd62e-a4c1-4c71-98d7-2c798493a178/637742bc_8c94_4304_87db_bde4c3b602b8.jpg)
ইয়াৰ পাছত জিলা চিকিৎসালয়ৰ সভাকক্ষত নাৰ্চসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা দিনৰ প্ৰায় ১বজাত ধাত্ৰী দিৱসৰ কাৰ্যসূচীত উপস্থিত হৈ নাৰ্চসকলৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ধাত্ৰী দিৱসৰ কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ পৰা ৩গৰাকী নাৰ্চক বছৰটোৰ শ্ৰেষ্ঠ নাৰ্চ হিচাপে বঁটাৰে সন্মানিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/189195e8-6ec2-4257-8ddc-8bbefcff1e08/bb711b79_d90b_44c3_92af_f65ebe7978de.jpg)
জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই নাৰ্চ কেইগৰাকীক এই বঁটা প্ৰদান কৰে। ধাত্ৰী দিৱস কেনেকৈ আহিল আৰু কিয় পালন কৰা হয় সেই সম্পৰ্কে জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল হকে ভাষণ প্ৰদান কৰি বিস্তাৰিতভাৱে প্ৰকাশ কৰে। জিলা আযুক্ত ৰাহুল কুমাৰ গুপ্তাইও ভাষণ প্ৰদান কৰি ধাত্ৰী দিৱসৰ আয়োজন কৰা আয়োজক সমিতিক শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e5ab70ea-899b-49d7-8325-b779ce14c93f/92954820_13e9_4e7a_ab12_ac9e88e1e3d1.jpg)
লক্ষণীয় যে জিলাখনত প্ৰথমবাৰৰ বাবে আজি ধাত্ৰী দিৱস উদযাপন কৰা হয়। ধাত্ৰী দিৱসত জিলাখনৰ ডেৰ শতাধিক চিকিৎসক-নাৰ্চক উপস্থিত থকা দেখা যায়। বিশেষকৈ নতুনকৈ জিলা চিকিৎসালয়ত যোগদান কৰা ভাৰপ্ৰাপ্ত নাৰ্চ ৰঞ্জুমনি ফুকনৰ নেতৃত্বত আৰু জিলা চিকিৎসালয়ৰ সহযোগত এইদৰে দেওবাৰে ২০৪সংখ্যক ধাত্ৰী দিৱস উদযাপন কৰা হয়।
Also Read: ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস উপলক্ষে সজাগতা মূলক বাটৰ নাট