তিনি বছৰীয়া কন্যাসহ মাতৃ নিৰুদ্দেশ : সন্ধান পালে যোগাযোগ কৰক আৰক্ষীৰে

মাতৃ-কন্যা সন্দৰ্ভত যদিহে কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ লাভ কৰে তেনেহ'লে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰলোকে অনুৰোধ জনাইছে

author-image
Asomiya Pratidin
New Update
তিনি বছৰীয়া কন্যাসহ মাতৃ নিৰুদ্দেশ : সন্ধান পালে যোগাযোগ কৰক আৰক্ষীৰে

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ বাসুগাঁৱত তিনি বছৰীয়া কন্যা সন্তানসহ এগৰাকী ২২ বছৰীয়া মাতৃ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ তথ্য পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুযায়ী বাসুগাঁও থানাৰ অন্তৰ্গত ভূতকুৰা গাঁৱৰ সুকুমাৰ বৰ্মনৰ বিবাহিতা কন্যা তথা বঙাইগাঁও জিলাৰ পাতিলাদহৰ কুচলাইগুৰীৰ খগেন বৰ্মনৰ পত্নী অৰ্চনা বৰ্মন (২২) আৰু তেওঁৰ ৩ বছৰীয়া কন্যা দিশা বৰ্মন যোৱা ১২ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে ।

Advertisment

এই সংক্ৰান্তত পিতৃ সুকুমাৰ বৰ্মনে ১৩ মাৰ্চত বাসুগাঁও থানাত এখনি নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে । এজাহাৰত উল্লেখ কৰা মতে কন্যা অৰ্চনা বৰ্মন যোৱা ৯ মাৰ্চৰ পাতিলাদহ-কুচলাইগুৰী শহুৰেক ঘৰৰ পৰা বাসুগাঁৱৰ ভূতকুৰা গাঁৱত নিজৰ পিতৃ মাতৃৰ ঘৰত ফুৰিবলৈ আহিছিল ।

দুদিন পিতৃগৃহত থকাৰ পিছত যোৱা ১২ মাৰ্চত মাতৃ মমতা বৰ্মনে অৰ্চনা আৰু নাতিনী দিশা বৰ্মনক পাতিলাদহ লৈ বুলি বাসুগাঁৱৰ পৰা বাছত উঠাই দিছিল, চাপাগুৰী যোৱাৰ পিছত তেওঁ মাতৃক ফোন কৰি চাপাগুৰী পোৱা বুলি জনাইছিল । কিন্তু সন্ধিয়াৰ ভাগত পাতিলাদহৰ পৰা জোঁৱায়েক খগেন বৰ্মনে ফোন কৰি জনায় যে তেওঁৰ পত্নী অৰ্চনা বৰ্মন আৰু ৩ বছৰীয়া কন্যা দিশা বৰ্মন ঘৰ আহি পোৱা নাই আৰু পত্নীৰ মোবাইল ফোন চুইছ অফ কৰি থোৱা অৱস্থাত আছে ।

এই খবৰ লাভ কৰাৰ পিছত শ্ৰমিক পিতৃ সুকুমাৰ বৰ্মন আৰু মাতৃ মমতা বৰ্মনে নিজাববীয়াকৈ বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান নাপায় । বাসুগাঁৱৰ পৰা পাতিলাদহ যোৱা দিনাৰ পৰাই মাতৃ অৰ্চনা বৰ্মন(২২) আৰু ৩ বছৰীয়া কন্যা দিশা বৰ্মন ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ।

এই সংক্ৰান্তত বাসুগাঁও থানাৰ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও ঘটনা সংঘটিত হোৱাৰ ১০ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে নিখোজ হৈ থকা মাতৃ-কন্যাৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । ইপিনে ৰহস্যজনকভাৱে নিখোজ হোৱাৰ আঁৰত পৰকীয়া প্ৰেমজনিত কাৰণ সন্দৰ্ভত পৰিয়ালৰ লোকে অজ্ঞতা প্ৰকাশ কৰিছে তাৰ বিপৰীতে মাতৃ-কন্যা দুয়ো কোনো মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰিছে বুলি সন্দেহ প্ৰকাশ কৰে ।

নিখোজ হৈ থকা মাতৃ-কন্যা সন্দৰ্ভত যদিহে কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ লাভ কৰে তেনেহ'লে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰলোকে অনুৰোধ জনাইছে ।

Also Read: গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ শ্ৰমিকৰ দুৰাৱস্থা

Assam police