চিৰাঙৰ কানিভূৰ নৈত গা ধুৱলৈ গৈ সন্ধানহীন কিশোৰৰ মৃতদেহ উদ্ধাৰ

চিৰাঙৰ কানিভূৰ নৈত গা ধুৱলৈ গৈ সন্ধানহীন কিশোৰৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, চিৰাং: জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ কানিভূৰ নৈত গা ধুৱলৈ গৈ সন্ধানহীন হোৱা দুই কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ । দেওবাৰে দুপৰীয়াৰ ভাগত সমনীয়াৰ সৈতে কানিভূৰ নৈৰ ৰে'ল দলঙৰ তলত গভীৰ পানীত গা ধুৱলৈ নমাৰ পিছতেই সন্ধানহীন হৈছিল বাপন বৰ্মন ওৰফে নাৰায়ণ বৰ্মন (১৪) আৰু গোপাল চক্ৰবৰ্তী (১৫) ।

অষ্টম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত নিৰুদ্দেশ কিশোৰ দুজন ক্ৰমে বাসুগাঁও চহৰৰ নিচিনাপাৰাৰ বাসিন্দা প্ৰৱীৰ চক্ৰবৰ্তীৰ জেষ্ঠ্য পুত্ৰ গোপাল চক্ৰবৰ্তী আৰু নাৰায়ণ বৰ্মনৰ একমাত্ৰ পুত্ৰ বাপন বৰ্মন ওৰফে নাৰায়ণ বৰ্মন । কিশোৰ দুজনৰ পানীৰ মাজত সন্ধানহীন হোৱা ঘটনাক কেন্দ্ৰ এলেকাত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে ।

সন্ধানহীন হোৱাৰ প্ৰায় দুঘন্টা পিছত কাজলগাঁৱৰ পৰা এচডিআৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে আৰু আধাঘণ্টাৰ ভিতৰতে দুজনৰ ভিতৰত এজন কিশোৰৰ মৃতদেহ কৰিবলৈ সক্ষম হয় ।

উদ্ধাৰ হোৱা মৃত কিশোৰ জনক বাপন বৰ্মন ওৰফে নাৰায়ণ বৰ্মন বুলি চিনাক্ত কৰা হয় । কিশোৰ জনৰ নিথৰ দেহ পানীৰ পৰা উলিয়াই অনাৰ পিছত নৈৰ পাৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । সন্ধানহীন হৈ থকা আন এজন কিশোৰ গোপাল চক্ৰবৰ্তীৰ সন্ধানত এচডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে । খবৰ লাভ কৰি চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী ঘটনাস্থলীত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ সদস্য সকলক সমবেদনা জ্ঞাপন কৰে লগতে বিধায়ক গৰাকীয়ে উদ্ধাৰ অভিযানৰ বুজ লোৱা পৰিলক্ষিত হয় ।

চিৰাঙৰ কানিভূৰ নৈত গা ধুৱলৈ গৈ সন্ধানহীন কিশোৰৰ মৃতদেহ উদ্ধাৰ
ডিব্ৰুগড়ৰ জকাই আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ মইমতালি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in