মৰিয়নিৰ নিউ সোণোৱাল চাহ বাগিচাৰ কলঘৰৰ মেচিনত সোমাল শ্ৰমিক

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মৰিয়নিৰ নিউ সোণোৱাল চাহ বাগিচাত অঘটন। কলঘৰত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত এজন শ্রমিক। দেওবাৰে সংঘটিত হয় এই ঘটনা।

বাগিচাৰ কলঘৰৰ মেচিনত সোমাই এখন ভৰি হেৰুৱালে শ্রমিকজনে। শ্রমিকজনৰ নাম মহেশ কোঁৱৰ বুলি জানিব পৰা গৈছে। লগে লগে শ্রমিকজনক সংকটজনক অৱস্থাত JMCHলৈ প্রেৰণ কৰা হয়।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও গহপুৰৰ দফলাগড় চাহ বাগিচাত বাগিচাৰ কলঘৰৰ মেচিনত সোমাই শ্রমিকৰ কৰুণ মৃত্যু হৈছিল। শ্রমিকজনৰ নাম আছিল সুখমন মুণ্ডা। মেচিনত চাহপাত ঢালি থকা সময়তে সংঘটিত হৈছিল এই ঘটনা। চাহবাগিচাৰ কলঘৰত প্ৰায়ে এনেধৰণৰ কিছুমান ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। এনে ঘটনাসমূহৰ বিষয়ে কেতিয়া কৰ্তৃপক্ষই মাত মাতিব বা সুৰক্ষজনিত দিশটোত গুৰুত্ব দিব সেয়া ডাঙৰ প্ৰশ্ন।

প্ৰতীকি ফটো
গহপুৰৰ দুৰ্ভগীয়া আইতাগৰাকীৰ কাষত নাৰীবাদী সংগঠন 'ৱৰিয়ৰ্ছ' , দিলে নতুন ৰূপ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in