গহপুৰৰ দুৰ্ভগীয়া আইতাগৰাকীৰ কাষত নাৰীবাদী সংগঠন 'ৱৰিয়ৰ্ছ' , দিলে নতুন ৰূপ

গহপুৰৰ দুৰ্ভগীয়া আইতাগৰাকীৰ কাষত নাৰীবাদী সংগঠন  'ৱৰিয়ৰ্ছ' , দিলে নতুন ৰূপ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ ককিলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অতি দুখলগা জনকভাৱে আশ্ৰয় গ্ৰহণ কৰি থকা এগৰাকী দুৰ্ভগীয়া, অসহায় আইতাক নতুন ৰূপ দিলে নাৰীবাদী সংগঠন ৱৰিয়ৰচে(Warriors)। উল্লেখ্য যে গহপুৰৰ ককিলাগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এগৰাকী বয়োজ্যেষ্ঠা মহিলাই অতি কৰুণ অৱস্থাত আশ্ৰয় গ্ৰহণ কৰি থকা বাতৰি প্ৰচাৰ হৈছিল একাংশ সংবাদ মাধ্যমত।

অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদতো এই বিষয়ে প্ৰকাশ পাইছিল এক হৃদয়বিদাৰক বাতৰি।বৃদ্ধাগৰাকীৰ বাতৰি প্ৰচাৰৰ পাছতে কোনো মানৱদৰদী লোকে দুৰ্ভগীয়া আইতা গৰাকী আশ্ৰয় গ্ৰহণ কৰি থকা চাৰিডাল বাঁহৰ খুটাৰ ওপৰত থকা পলিথিন আঁতৰাই টিনপাত লগাই দি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছিল।

আনফালে অসমৰ অন্যতম নাৰীবাদী স্বেচ্ছাসেৱী সংগঠন 'ৱেৰিয়ৰচ'ৰ(Warriors) গহপুৰ আঞ্চলিক সমিতিয়ে আইতা গৰাকীৰ কাষত উপস্থিত হৈ খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে মহিলা সদস্যাই আইতা গৰাকীক চাবোন চেম্পুৰে গা-পা ধুৱাই পৰিস্কাৰ পৰিচন্ন কৰি তোলে। ৱেৰিয়েচৰ মহিলা সদস্যাই আইতা গৰাকীক নতুন বস্ত্ৰ পিন্ধাই এক নতুন ৰূপ দিয়ে। লগতে আইতা গৰাকীক এজোৰ চেন্দেলো পিন্ধাই দিয়ে সংগঠনটো বিষয় ববীয়া সদস্য সকলে।

ইয়াৰ উপৰিও ককিলাগুৰিৰ এটি পৰিয়ালৰ গৃহত ভাত ৰন্ধাৰ ব্যৱস্থা কৰি আইতা গৰাকী দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰো ব্যৱস্থা কৰা হয়। ৱেৰিয়চৰ জৰিয়তে আইতা গৰাকীক এক নতুন আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰিব বুলি জানিব দিয়ে সংগঠনটোৰ বিত্ত সম্পাদক উপেন ফুকন, গহপুৰ আঞ্চলিক সমিতিৰ উপ সভানেত্ৰী মৌচুমী শইকীয়া সম্পাদিকা কৃপালী ৰাজবংশী দাস আৰু সদস্য তপন শইকীয়াই।

গহপুৰৰ দুৰ্ভগীয়া আইতাগৰাকীৰ কাষত নাৰীবাদী সংগঠন  'ৱৰিয়ৰ্ছ' , দিলে নতুন ৰূপ
সুস্থিৰ হোৱা নাই দিল্লীৰ বান পৰিস্থিতিঃ আশ্ৰয় শিবিৰতো জলপ্ৰলয়ৰ আক্ৰমণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in