বিশ্ব ধপাঁত বিৰোধী দিৱসত মৰিগাঁৱৰ উপায়ুক্তৰ ব্যতিক্ৰমী পদক্ষেপ...

বিশ্ব ধপাঁত বিৰোধী দিৱসত মৰিগাঁৱৰ উপায়ুক্তৰ ব্যতিক্ৰমী পদক্ষেপ...

author-image
Asomiya Pratidin
New Update
বিশ্ব ধপাঁত বিৰোধী দিৱসত মৰিগাঁৱৰ উপায়ুক্তৰ ব্যতিক্ৰমী পদক্ষেপ...

বিশ্ব ধপাঁত বিৰোধী দিৱসত মৰিগাঁৱৰ উপায়ুক্তৰ ব্যতিক্ৰমী পদক্ষেপ...

ডিজিটেল সংবাদ মায়ংঃ আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। এই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত বৃহৎ মটৰচাইকেল ৰেলী উলিওৱা হয়।

Advertisment

এই মটৰ চাইকেল ৰেলীত মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই অংশগ্ৰহণ কৰে।পুৱা ৬ বজাত ৯০ খন মটৰ চাকেলেৰে মৰিগাঁও সদৰৰ পৰা পবিতৰাৰ ঝিঝিনা ৰিজ'ৰ্ট লৈ ৪০  কিলোমিটাৰ পথত বাইক ৰেলী কৰি জনসাধাৰণৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰে উপায়ুক্ত দেৱাশীষ শৰ্মাই।

জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসো উপায়ুক্ত গৰাকীৰ সৈতে একেখন বাইকত থাকে। জিলা সত্ৰন্যায়াধীশ গৰাকীয়ে আজিৰ বাইক ৰেলীৰ শুভ উদ্বোধন কৰে।

ইয়াৰ পূৰ্বেও বিভিন্ন সজাগতা মূলক কামত উপায়ুক্ত গৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব দি অহা পৰিলক্ষিত হৈ আহিছে। আজি পুৱাৰ ভাগত ধঁপাত বিৰোধী সমদলৰ পিছতেই বাটৰ নাট আৰু এখন ট্ৰাকৰ জৰিয়তে সমগ্ৰ মৰিগাঁও জিলাখনত সজাগতা সৃষ্টি কৰে।

Also Read: SCERT কেলেংকাৰীত ৰাজনৈতিক দলৰ নেতাৰ নাম: ৪ সাংবাদিক, RTI কৰ্মীক হাজিৰ কৰোৱা হ'ব আদালতত...

ধপাঁত বিৰোধী দিৱস