/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3e29c6e6-0cb9-4bf6-859f-84d9697b32fd/mayong_29.jpg)
মায়ঙৰ বহা পাহাৰত লাগিল জুইঃ ৰাইজৰ মাজত আতংক
ডিজিটেল সংবাদ মায়ংঃ এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ শিলৰ গণেশ মূৰ্তি থকা ঐতিহাসিক গণেশ মন্দিৰৰ সমিপতে মায়ঙৰ বহা পাহাৰত ভয়ানক অগ্নিকাণ্ড। পাহাৰৰ ওখ টিলাত থকা ঘন জংঘলত লাগিল জুই।
শুকান গছ পাতেৰে ভৰি থকা এলেকাটোত দাউদাউ কৈ জুই লগাৰ ফলত সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে হুৱাদুৱা। কাৰণ পাহাৰৰ নামনিত চাৰিওফালে মানুহৰ বসতি।
যি কোনো মুহূৰ্তত জুইৰ শিখা তললৈ নামি আহি ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জুই নিৰ্বাপন কৰিবলৈ ইতিমধ্য বহা পাহাৰৰ কাষত উন্নত পাৰাত অগ্নি নিৰ্বাপক বাহন গৈ পোৱা বুলি জানিব পৰা গৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে পাহাৰৰ সুউচ্চ টিলাত কিদৰে জুই নিৰ্বাপন কৰিব পৰা যায় তাৰ প্ৰেচেষ্টা চলাই আছে।
Also Read: চৰাইদেউ গৰিয়া পথাৰ বৰবাম উচ্চ বিদ্যালয়ৰ শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা...