/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b773c6e7-36fb-48da-8984-12e8078d79fa/charaideu_29.jpg)
চৰাইদেউ গৰিয়া পথাৰ বৰবাম উচ্চ বিদ্যালয়ৰ শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা...
ডিজিটেল সংবাদ চৰাইদেউঃ নিজৰ শিক্ষা জীৱনৰ সামৰণি মাৰি যেতিয়া এগৰাকী জনপ্ৰিয় শিক্ষক বা শিক্ষয়িত্ৰীয়ে শিক্ষানুষ্ঠানৰ পৰা বিদায় লয়, সেই মুহূৰ্তটো ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুষ্ঠানখনৰ পৰিয়ালৰ বাবে অতি বেদনাদায়ক হৈ পৰে। তেনে এগৰাকী শিক্ষকৰ বিদায় পৰত চৰাইদেউৰ এখন বিদ্যালয়ত সৃষ্টি হয় এক আবেগিক পৰিৱেশ৷
চৰাইদেউ জিলাৰ গৰিয়া পথাৰ বৰবাম উচ্চ বিদ্যালয় সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মৰমী গগৈ বৰুৱাক আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সকলোৰে মাজত সমাদৃত আৰু অত্যন্ত জনপ্ৰিয় শিক্ষয়িত্ৰীগৰাকীক আজি বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল, বিদ্যালয়খনৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰীৰ উপৰি অঞ্চলটোৰ বহু সংখ্যক গুণমুগ্ধই শৰাই, চেলেং চাদৰ, গামোচা, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা, কলম ইত্যাদি বিভিন্ন উপহাৰেৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে ভৱিষ্যতেও বিদ্যালয়ৰ সৈতে সম্পৃক্ত হৈ থকাৰ আহ্বান জনায় সুস্থ আৰু সুদীর্ঘ জীৱন কামনা কৰে।
Also Read: ৰাজ্যৰ ১১ সমষ্টিত বিজেপিয়ে চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা...