পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক...

পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক...

author-image
Asomiya Pratidin
New Update
পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক...

পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক...

ডিজিটেল ডেস্কঃ চূড়ান্ত বিশৃংখল হৈ পৰিছে ৰাজ্যৰ সমাজ ব্যৱস্থা।প্ৰায় প্ৰতিদিনেই ৰাজ্যখনত সংঘটিত হৈছে বিভিন্ন হত্যা, হিংসাৰ ঘটনা। বিশেষকৈ শেহতীয়াকৈ ৰাজ্যত পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে।

Advertisment

এনে পৰকীয়া প্ৰেমৰ বাবেই ইতিমধ্যে সংঘটিত হৈছে বহু অপৰাধজনিত ঘটনা। শেহতীয়াকৈ এনে এক অপৰাধজনিত ঘটনা সংঘটিত হৈছে জাগীৰোডত। বুধবাৰে নিশা নিজ পত্নীয়ে পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰিলে স্বামীক।  

উল্লেখ্য যে, জাগীৰোডৰ শিলভঙা অঞ্চলত অবৈধ প্ৰেমিকৰ সৈতে মিলি এগৰাকী বিবাহিতাই হত্যা কৰিলে স্বামীক। হত্যাৰ বলি হোৱা এই লোকজনৰ নাম আচাদুৰ ৰহমান। জানিব পৰা মতে আচাদুৰ ৰহমানক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা কৰে।

পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিবলৈ আচাদুৰৰ মৃতদেহটো পেলাইদিছিল ঘাইপথৰ কাষত।ঘটনা সন্দৰ্ভত সবিশেষ পোহৰলৈ অহাৰ পাছতে নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী ফিৰ’জা খাতুন নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰ অবৈধ প্ৰেমিক ছফিকুল ইছলামক। ইফালে আৰক্ষীৰ জালত পৰিছে ৰণ্টু বৰদলৈ নামৰ এজন গাড়ী চালকো।

Also Read: নাৰী শক্তিৰ হাতত কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব...

অপৰাধ জাগীৰোড