নাৰী শক্তিৰ হাতত কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব...

নাৰী শক্তিৰ হাতত কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব...

author-image
Asomiya Pratidin
New Update
নাৰী শক্তিৰ হাতত কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব...

নাৰী শক্তিৰ হাতত কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব...

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্বত মহিলা শক্তি ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে ড০ সোণালী ঘোষে। অতি দক্ষ হিচাপে পৰিচিত এই মহিলা বিষয়াগৰাকীৰ নেতৃত্বত এতিয়া পুৰুষৰ সমানে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিছে শতাধিক যুৱতীও ৷

Advertisment

অসম চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত বনকৰ্মী হিচাবে নিযুক্তি লাভ কৰা যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপন দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ ইয়াৰে ১৫ গৰাকী সংস্থাপিত হৈছে বাগৰি বনাঞ্চলত ৷

এগৰাকী সুনিপুন বনকৰ্মী হিচাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ দিনে নিশাই কৰ্তব্য পালন কৰি গৈছে যুৱতীসকলে ৷ সৰুৰে পৰা মনত পুহি ৰখা আশাই বাস্তৱ ৰূপ পোৱাত অতি আনন্দিত যুৱতীসকলৰ মতে যিকোনো পৰিস্থিতিত প্ৰকৃতি সুৰক্ষাৰ বাবে কৰ্তব্য পালনৰ ক্ষেত্ৰত তেওঁলোক দায়বদ্ধ ৷

কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব লাভ কৰা এগৰাকী যুৱতী বনকৰ্মীয়ে কয়, এই দায়িত্ব লাভ কৰি তেওঁ অতি আনন্দিত। পূৰ্বে মানুহৰ ধাৰণা আছিল যুৱতী বা মহিলা বনকৰ্মী নাথাকে। কিন্তু সেই ধাৰণা ভুল। পূৰ্বে যুৱতী বহু পিছপৰি আছিল। কেৱল ঘৰৰ কাম-কাজৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু এতিয়া সকলো ওলাই আহিছে। নৱ নিযুক্ত এইসকল যুৱতী বনকৰ্মীৰ মতে তেওঁলোকে যি বাট দেখুৱালে সেই বাটেৰে আগন্তুক সময়ত আৰু অধিক যুৱতী বন সুৰক্ষাৰ দায়িত্বত নিয়োজিত হ'বলৈ আগবাঢ়ি আহিব। তেওঁলোকে প্ৰকৃতি ৰক্ষাৰ বাবে যিমান পাৰে কাম কৰি যাব বুলি প্ৰতিজ্ঞাবদ্ধ বুলিও দোহাৰে।

ইফালে বাগৰিৰ আৰ অ' ববিট দিহিঙ্গীয়াই কয়, কাজিৰঙাত মহিলা শক্তি পূৰ্বে কম আছিল। এ এফ পিৰহে মহিলা আছিল। বৰ্তমান বাগৰিত ১৫ গৰাকী মহিলা বনকৰ্মী আছে। বানপানীৰ পৰিস্থিতিৰ বাবে তেওঁলোকক এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব দিয়া হৈছে। নাৰী শক্তি আগমনৰ বাবে এইগৰাকী বন বিষয়াই আনন্দিত বুলি উল্লেখ কৰাৰ লগতে কাজিৰঙাৰ বাবে এয়া এক ভাল খবৰ বুলিও উল্লেখ কৰে।

এইসকল মহিলা বনকৰ্মীক প্ৰাৰম্ভিক প্ৰশিক্ষণ ডেৰগাওঁত প্ৰদান কৰা হৈছে যদিও পৰৱৰ্তী সময়ত মাকুমত পুনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।

Also Read: দুমহীয়া কন্যা সন্তানটিৰ মুখৰ পৰা নুশুনিলে আব্বা শব্দঃ দেশৰ বাবে ছহিদ হ'ল হুমায়ুন...

কাজিৰঙা