মৰিগাঁৱত গৰু ভৰ্তি বাহন জব্দ...

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবৈধভাৱে গৰু সৰবৰাহ । পুনৰ সৰবৰাহ কাৰীয়ে সৰবৰাহৰ চেষ্টা চলাওতেই আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী
মৰিগাঁৱত গৰু ভৰ্তি বাহন জব্দ...

ডিজিটেল সংবাদ, মায়ংঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবৈধভাৱে গৰু সৰবৰাহ । পুনৰ সৰবৰাহ কাৰীয়ে সৰবৰাহৰ চেষ্টা চলাওতেই আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী ।

মায়ংত বৃহস্পতিবাৰে নিশা গৰু ভৰ্তি বাহন জব্দ । যোৱা নিশা ১১.৪৫ মিনিটত পেট্ৰলিংৰ সময়ত মৰিগাঁৱ আৰক্ষীয়ে গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে । ২৩ টাকৈ গৰু অবৈধভাবে সৰবৰাহৰ বাবে নিশা লৈ গৈছিল ।

এখন ট্ৰাক আৰু আৰু এখন ব’লেৰ বাহনত সৰবৰাহৰ বাবে লৈ গৈছিল গৰুকেইটা ।

আৰক্ষীয়ে ইতিমধ্যই NL 01 N 9264 আৰু AS01FM 4345 নম্বৰৰ দুখন বাহনৰ সৈতে বহু কেইজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।

আটকাধীন লোক কেইজন হৈছে পাৰ্থপ্ৰতিম দাস, নুৰুল ভাল, ইন্নাছ আলি, আশাদুল আলম, শেখ ফৰিদ আৰু আব্দুল ছালাম । আটকাধীন লোক কেইজন বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে ।

মৰিগাঁৱত গৰু ভৰ্তি বাহন জব্দ...
কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল পালেগৈ আদালতৰ মজিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in