কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল পালেগৈ আদালতৰ মজিয়া...

দেশৰ ৰাজনীতিত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাজত অন্তকন্দলৰ কথা দীৰ্ঘ দিনে সকলোৱে শুনি আহিছে । কিন্তু এই গৃহ কন্দল বৰ্তমানে দলটোৰ ভিতৰ চৰাতে সীমাবদ্ধ হৈ থকা নাই । এই গৃহ কন্দল এতিয়া আদালতৰ মজিয়া পাইছেগৈ
কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল পালেগৈ আদালতৰ মজিয়া...

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাজত অন্তকন্দলৰ কথা দীৰ্ঘ দিনে সকলোৱে শুনি আহিছে । কিন্তু এই গৃহ কন্দল বৰ্তমানে দলটোৰ ভিতৰ চৰাতে সীমাবদ্ধ হৈ থকা নাই । এই গৃহ কন্দল এতিয়া আদালতৰ মজিয়া পাইছেগৈ ।

শেহতীয়াকৈ APCCৰ সভাপতি, ৰাষ্ট্রীয় সভাপতিলৈ আদালতে চমন জাৰি কৰিছে । APCCৰ সভাপতি ভূপেন বৰা, বিজন ফুকন, অপূৰ্ব কুমাৰ ভট্টাচাৰ্যলৈ চমন জাৰি কৰিছে আদালতে । ২০ মে’ত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ কৰিছে কংগ্ৰেছ নেতাকেইজনক । কামৰূপ(ম) জিলা সত্র ন্যায়াধীশৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে নেতাকেইগৰাকী ।

চমন জাৰি কৰা নেতাকেইগৰাকীৰ বিৰুদ্ধে সৰুপথাৰ মণ্ডল কংগ্রেছৰ পূৰ্বৰ সভাপতিয়ে ৰুজু কৰিছিল গোচৰ । পূৰ্বৰ সভাপতি লীলা বৰাই ৰুজু কৰিছিল এই গোচৰ । আৰু এই গোচৰৰ ভিত্তিতেই আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে নেতা কেইগৰাকীক ।

কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল পালেগৈ আদালতৰ মজিয়া...
অভিনেত্ৰী জিয়া খানৰ মৃত্যু সন্দৰ্ভত বিশেষ আদালতৰ ৰায়দান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in