/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0589dd8c-19e4-41ac-bf6a-7854349862c7/12.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ মৰিগাঁও চহৰৰ স্কুল খেলপথাৰৰ তিৱা ফা ইন্দ্ৰচিং দেউৰী ক্ষেত্ৰত অনুষ্ঠিত হোৱা 'তিৱা কান্ঠিচ্যুৰি খাম' অৰ্থাৎ তিৱা সাংস্কৃতিক মহোৎসৱ শনিবাৰে দ্বিতীয় দিনা মহোৎসৱস্থলীত পুৱাৰে পৰা বিৰাজ কৰে এক উদুলি মুদুলি পৰিৱেশ। আজি পুৱা মহোৎসৱস্থলীত এটি বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/72758885-d61e-49aa-9b20-c44e6eee1524/83bc51cd_1924_43b0_8027_f5bb2038fdbf.jpg)
এই অনুষ্ঠানত তিৱা জনগোষ্ঠীৰ প্ৰথমজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া (আই এ এছ) তথা অসম চৰকাৰৰ উচ্চ শিক্ষাৰ সচিব নাৰায়ণ কোঁৱৰৰ লগতে তিৱা জনগোষ্ঠীৰ প্ৰথমজন এম বি বি এছ চিকিৎসক ডাঃ পুনিৰাম পাতৰ, তিৱা জনগোষ্ঠীৰ প্ৰথমজন অসম অসামৰিক সেৱাৰ বিষয়া (এ চি এছ) মনেশ্বৰ দেউৰী, অসম চৰকাৰৰ ভীমবৰ দেউৰী বঁটা প্ৰাপক সাহিত্যিক মিলেশ্বৰ পাতৰ, অসম সৌৰভ বঁটা প্ৰাপক নৃত্যগুৰু নাদিৰাম দেউৰী, জ্যেষ্ঠ সাংবাদিক পদ্ম পাতৰ, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতি, জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তি ক্ৰমে মুংছাজ লাষ্টি মিঠি, হৰচিং খলাৰ, চায়াৰানী মেলাং, মুকুন্দ টেৰণ, ড০ ৰাজীৱ দলৈ, মনেশ্বৰ পাতৰ, পিলু আমছি, খৰ্গেশ্বৰ বৰদলৈ সহ কুৰিজনৰো অধিক বিশিষ্ট ব্যক্তিক আনুষ্ঠানিক ভাবে সম্বৰ্দ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/babd2fa2-3d93-48e5-ba79-7e07bf6da3ef/d0d73261_b045_4e02_a253_47639ba827d2.jpg)
সাংস্কৃতিক মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি মছৰঙে আঁত ধৰা এই অনুষ্ঠানটোত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অধ্যক্ষ মদন দেউৰী আৰু সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমচি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। পুৱা সাংস্কৃতিক মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা 'তিৱা খুৰাং' অৰ্থাৎ তিৱাৰ প্ৰতিধ্বনি নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে তিৱা ভাষা সাহিত্যৰ গৱেষক মনেশ্বৰ দেউৰীয়ে।
দুপৰীয়া 'তিৱা ভাষা সংস্কৃতিৰ সংকট আৰু ভবিষ্যত সম্ভাৱনা' শীৰ্ষক এখন মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিয়লি তিৱা কবিতা পাঠ অনুষ্ঠান আৰু 'তিৱা ভাষা সংস্কৃতিৰ উত্তৰণত তিৱা যুৱ প্ৰজন্মৰ ভূমিকা' শীৰ্ষক আন এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। সন্ধিয়া এখনি পৰম্পৰাগত সাজ-পাৰ প্ৰতিযোগিতা আৰু স্বৰ্গীয় বগাধৰ সেনাপতি সোঁৱৰণী এটি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
সাংস্কৃতিক মহোৎসৱৰ দেওবাৰে অন্তিম দিনা পুৱাৰ ভাগত এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। এই শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। দুপৰীয়া অনুষ্ঠিত হ'বলগা মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও অসম বিধান সভাৰ অধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্তৰ, কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাজনো বিধায়ক আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। নিশা স্বৰ্গীয় গিৰিধৰ পাতৰ সোঁৱৰণী এটি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠিত হ'ব।
Also Read: কছলুখোৱা সাৰ্বজনীন দুৰ্গামন্দিৰত বিশ্ব কল্যাণৰ বাবে মহাৰুদ্ৰ যজ্ঞ মহোৎসৱ