কছলুখোৱা সাৰ্বজনীন দুৰ্গামন্দিৰত বিশ্ব কল্যাণৰ বাবে মহাৰুদ্ৰ যজ্ঞ মহোৎসৱ

কছলুখোৱা সাৰ্বজনীন দুৰ্গামন্দিৰত বিশ্ব কল্যাণৰ বাবে মহাৰুদ্ৰ যজ্ঞ মহোৎসৱ

ডিজিটেল সংবাদ, বেবেজীয়াঃ ভাৰতীয় সাহিত্য সংস্কৃতি পৰম্পৰাত যজ্ঞৰ প্ৰাসংগিকতা আছে । সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে যজ্ঞ কৰা হয় । এই মন্তব্য কৰে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক, ভাৰত চৰকাৰৰ ধৰ্মসেৱা বঁটাৰে সন্মানিত তথা শংকৰাচাৰ্য বঁটা প্ৰাপক-সাহিত্যিক পেঞ্চনাৰ ৰোহিনী বল্লভ দেৱ গোস্বামী শাস্ত্ৰীয়ে।

উত্তৰ-পূৱ ভাৰতৰ এজন অন্যতম মহান তাপস ভৃগুগিৰি বাবাৰ আশিষেৰে নগাঁৱৰ কছলুখোৱা সাৰ্বজনীন দূৰ্গামন্দিৰ আৰু বৈদিক সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞৰ বক্তৃতা অনুষ্ঠানত শনিবাৰে এই মন্তব্য আগবঢ়াই তেওঁ কয় যে দানতকৈ শ্ৰেষ্ঠ আন একো নাই । ত্যাগতকৈ শান্তি একো নাই । মানুহে জীৱনৰ উপাৰ্জিত ধনৰ এক অংশ দান কৰি পূণ্য অৰ্জন কৰিব লাগে।

সমাজকৰ্মী অশোক খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত যজ্ঞৰ প্ৰাংগিতাৰ বক্তৃতা অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰবীন শৰ্মা, ৰবীন শৰ্মা, চন্দ্ৰ কান্ত শৰ্মা বৰুৱা আৰু নন্দেশ্বৰ শৰ্মাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখযোগ্য যে আজিৰ কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৬ বজাত বেদধ্বনি আৰু ৰেংবেঙৰ পবিত্ৰ জলশ্ৰোতৰ পৰা জল আহৰণৰ পিছতে সূৰ্য্যৰ পৰা অগ্নি আহৰণ, মূল পূজা আৰু যজ্ঞৰ আৰম্ভ ঘটে। যজ্ঞৰ কুণ্ড শুদ্ধি আৰু যজ্ঞ কুণ্ডত অগ্নি স্থাপন আৰু আহুতি প্ৰদানৰ পিছতে ৰুদ্ৰাভিষেক সম্পন্ন হৈ উঠে। দুপৰীয়া শ্ৰী শ্ৰী বিষ্ণু সহস্ৰনাম পাঠৰ পিছতে ভোগ বিতৰণ কৰা হয়। বিয়লি ধৰ্মালোচনী সভাৰ পিছত সন্ধিয়া দেওধনী পাৰ্গত তথা অসম চৰকাৰৰ শিল্পী সম্মান প্রাপক অনিমা চহৰীয়া আৰু সুকনান্নী ওজাপালিৰ শিল্পী নয়নজ্যোতি নাথৰ শিল্পীবৃন্দৰ দ্বাৰা দেওধনী নৃত্য প্রদৰ্শিত হয়।

অন্যহাতে দেওবাৰে পুৱা ৬ বজাত বেদধ্বনি, ৭.৩০ বজাত যজ্ঞ আৰম্ভ, ১০.৩০ বজাত ৰুদ্ৰাভিষেক, ১১.৩০ বজাত শ্ৰী শ্ৰী বিষ্ণু সহস্ৰনাম পাঠ আৰু বটুক সহ পঞ্চকুমাৰী পূজাৰ পিছত দুপৰীয়া যজ্ঞৰ পূৰ্ণাহুতি প্রদান, আৰতি, মহাশান্তি, আশিস প্রদান আৰু ভোগ বিতৰণেৰে অনুষ্ঠানৰ সামৰণি পৰিব ।

কছলুখোৱা সাৰ্বজনীন দুৰ্গামন্দিৰত বিশ্ব কল্যাণৰ বাবে মহাৰুদ্ৰ যজ্ঞ মহোৎসৱ
ৰঙিয়াত নকল সোণ, জাল নোটসহ ৫ ব্যৱসায়ীক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in