দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ ৰোষত মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ ৰোষত মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

ডিজিটেল ডেস্ক : মায়ঙৰ হিলৈখুন্দাত সংঘটিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ ৰোষত পৰে মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। দেওবাৰে সন্ধিয়া চনকাৰ ধাবাৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহন হিলৈখুন্দাত দুৰ্ঘটনাগ্ৰস্ত হৈ ব্ৰহ্মপুত্ৰ নৈৰ বুকুত ডুব যায়।

এই দুৰ্ঘটনাৰ ফলত ৩গৰাকী আৰোহী আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এগৰাকী মৃত্যুৰ মুখত পৰে। ঘটনাৰ পিচতে স্থানীয় একাংশ ৰাইজে দুৰ্ঘটনাগ্ৰস্ত বাহনখন নৈৰ বুকুৰ পৰা উদ্ধাৰৰ চেষ্টা কৰে।

স্থানীয়ৰ ৰাইজৰ এই চেষ্টাক মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে 'দুৰ্ঘটনা সংঘটিত হ'লে ৰাইজে গাড়ী পানীত পৰিলেও উঠাব নালাগে' বুলি মন্তব্য কৰে। আৰক্ষী বিষয়াগৰাকীৰ এনে মন্তব্যত ৰাইজ ক্ষুণ্ণ হৈ পৰে আৰু হুলুস্থুল কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, স্থানীয় লোকে বাহনখনৰ আইনা ভাঙি বাহনৰ ভিতৰত থকা ৪ যুৱক- যুৱতীক উদ্ধাৰ কৰে যদিও এগৰাকীৰ অৱস্থা সংকটজনক হোৱাত তেওঁ মৃত্যুৰ মুখত পৰে। আনহাতে বাকী ৩জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ ৰোষত মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল চাৰিচকীয়া বাহন : এজনৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in