ভুৰবন্ধাত আছুৰ উদ্যোগত কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ মুকলি সভা অনুষ্ঠিত

ভুৰবন্ধাত আছুৰ উদ্যোগত কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ মুকলি সভা অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
ভুৰবন্ধাত আছুৰ উদ্যোগত কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ মুকলি সভা অনুষ্ঠিত

ডিজিটেল সংবাদ, মায়ংঃ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ভুৰবন্ধাত কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ মুকলি সভা অনুষ্ঠিত হয়। মৰিগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত সভাত স্মৃতিগ্ৰন্থ অনুৰণন উন্মোচন কৰে আছু নেতা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই।

Advertisment

ছাত্ৰ সংহতি দিৱসৰ মুকলি সভাত খাদ্য আন্দোলনত চহিদ হোৱা স্বৰ্গীয় পুতুল শইকীয়া আৰু গজেন ইংতিৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধনা জনায় অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাৰ লগতে ছাত্ৰ সন্থাৰ নেতৃত্বই। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাও উপস্থিত থাকে।

Also Read: বাৰ্মিজ সেনাৰ বৰ্বৰতাঃ জ্বলাই দিলে গাওঁ, হত্যা কৰিলে ৫১ জন লোকক, বাধ্য কৰিলে প্ৰস্ৰাৱ খাবলৈ...

Bhurbandha aasu