Advertisment

ভোটাৰ তালিকাত আছে নাম ! লাহৰিঘাটত সন্দেজনক জেহাদী আটক

বাংলাদেশী ব্যক্তিজনে কেনেদৰে ভাৰতৰ ভোটৰ তালিকাত নাম ভৰ্তি কৰিলে তাৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
ভোটাৰ তালিকাত আছে নাম ! লাহৰিঘাটত সন্দেজনক জেহাদী আটক

ডিজিটেল সংবাদ,মৰিগাঁও : লাহৰিঘাটৰ দক্ষিণ চেনিমাৰিত অভিযান চলাই আত্মগোপন কৰি থকা স্থানৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুজনকৈ সন্দেজনক জেহাদী। আটকাধীন সন্দেহজনক জেহাদী দুগৰাকী হৈছে ৭০ বছৰীয়া ইছলাম মণ্ডল আৰু ১৩ বছৰীয়া এগৰাকী কিশোৰ।

Advertisment

আৰক্ষীসূত্ৰে জানিব পৰামতে, তেওঁলোকৰ ঘৰ বাংলাদেশৰ মৈমনসিংত। বিগত ১৫ ডিচেম্বৰত আগৰতলা সীমান্তৰে বাংলাদেশৰ পাছপোৰ্ট আৰু ভিছা লৈ প্ৰৱেশ কৰিছিল ভাৰতত।

উল্লেখনীয় যে স্থানীয় লাহৰিঘাট আৰক্ষীক অৱগত নকৰাকৈ বিগত দুটা পষেক দক্ষিণ চেনিমাৰী বাহনৰ পাতি আছিল দুয়োজনে। বাংলাদেশৰ পাছপোৰ্ট আৰু ভিছা লৈ ভাৰতত প্ৰৱেশ কৰা ইছলাম মণ্ডৰল নাম লাহৰিঘাট সমষ্টিৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছিল নুৰ ইছলাম নামেৰে। বাংলাদেশী ব্যক্তিজনে কেনেদৰে ভাৰতৰ ভোটৰ তালিকাত নাম ভৰ্তি কৰিলে তাৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: বিশিষ্ট কবি আনিছ উজ জামানলৈ ২০২২ বৰ্ষৰ গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা

Assam police laharighat marigaon police