মায়ঙৰ চোট গৰজানত শালিধানৰ পথাৰত শূৰ পোকৰ উপদ্ৰৱ

মায়ঙৰ চোট গৰজানত শালিধানৰ পথাৰত শূৰ পোকৰ উপদ্ৰৱ

ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ আশীগৰ পঞ্চায়তৰ চোট গৰজান এলেকাৰ শালিধানৰ পথাৰত শূৰ পোকৰ উপদ্ৰৱ বৃদ্ধি পাইছে। শূৰ পোকৰ উপদ্ৰৱত পথাৰখনৰ ২ শ বিঘা মাটিত শালিধানৰ গা-গছবোৰ অনিষ্ট হৈছে।

সেউজীয়া ৰঙৰ শূৰ পোকে চাৰিওফালৰ পৰা পথাৰখন ঘেৰি লৈছে। এই খবৰ পোৱাৰ এঘণ্টা পিছতেই বৃহস্পতিবাৰে বিয়লিৰ ভাগত মৰিগাঁও জিলাৰ কৃষি বিভাগৰ এটা দল পথাৰখনত গৈ উপস্থিত হয়। যাতে শূৰ পোকৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ কাৰণে কৃষি বিভাগৰ ফালৰ পৰা বিনামূলীয়াকৈ কীটনাশক ঔষধ বিতৰণ কৰে।।

কৃষি বিষয়াসকলৰ উপস্থিতিত পোক মৰা ঔষধ বিধ পানীত মিহলাই পথাৰত ব্যৱহাৰ কৰা হয়। আজি চোট গৰজান পথাৰত উপস্থিত হোৱা দলটোত আছিল মৰিগাঁও জিলাৰ কৃষি বিষয়া অশোক শৰ্মা, মহকুমা কৃষি বিষয়া মেহদি আৰিফ হুছেইন, কৃষি ফিল্ড মেনেজাৰ দিব্যজ্যোতি হাজৰিকা,এ ডি অ তপন ব্ৰহ্ম,গৌতম নাথ,প্ৰণয় নাহা আৰু গৰৈমাৰী এফ পি চিৰ কৰ্মকৰ্তাসকল।

উল্লেখযোগ্য যে কিছুদিন আগত মনহা মৌজাৰ ঝাৰগাঁও পঞ্চায়তৰ বালিমুখ পথাৰত শূৰ পোকে ১০০ বিঘা শালিধানৰ খেতিত উপদ্ৰৱ চলাইছিল। একেই পদ্ধতিৰে কীটনাশক ঔষধ ব্যৱহাৰ কৰি শূৰ পোকৰ উপদ্ৰৱ নিৰাময় কৰিবলৈ সক্ষম হৈছিল মেহদি আৰিফ হুছেইনৰ নেতৃত্বত যোৱা দলটোৱে।

মায়ঙৰ চোট গৰজানত শালিধানৰ পথাৰত শূৰ পোকৰ উপদ্ৰৱ
জিলা অসামৰিক চিকিৎসালয়ৰ পৰা বঞ্চিত ঢকুৱাখনা : আছুৰ সকীয়নী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in