/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/39ff3400-b1df-44b8-9313-45027ae9510f/128.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এটা দীর্ঘদিনীয়া সপোন। ৰজাঘৰীয়াই দেখুৱা এই সপোন ৰজাঘৰীয়াই নিশ্চিহ্ন কৰাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে ঢকুৱাখনাত। সৰৱ হৈ উঠিছে দল মত নিৰ্বিশেষে ৰাইজ সংগঠন ।
এই সপোনৰ ললিপপ খুৱাই বিগত দুটাকৈ সাধাৰণ নিৰ্বাচনত অভীষ্ট সিদ্ধি কৰি অহা ৰাজ্য চৰকাৰৰ স্ববিৰোধী স্থিতিয়ে ঢকুৱাখনাবাসীক বিতুষ্ট ক্ষুব্ধ কৰি তুলিছে। ৰাজ্য চৰকাৰৰ এখন পত্ৰই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰা এই বিষয়টোৱে বিধায়ক নৱ দলেৰ ৰাজনৈতিক শক্তিহীন স্থিতিকো জনদৃষ্টিত উন্মোচিত কৰি তুলিছে ।
বিষয়টো হ'ল- লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন ঢকুৱাখনা সদৰলৈ স্থানান্তৰ সন্দৰ্ভত । বিগত এটা দশক ধৰি ঢকুৱাখনা মহকুমাবাসীয়ে তেতিয়াৰ প্ৰভাৱশালী কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে ঘোষিত এই প্ৰতিশ্ৰুতি বাস্তৱায়িতকৰণৰ সপোন দেখি আহিছিল।
আশা পালিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ কাৰ্যকালত ঢকুৱাখনাত স্থাপিত হ'ব লখিমপুৰৰ জিলা অসামৰিক চিকিৎসালয়। পিছে সেয়া বাস্তৱত নহল। "ঢকুৱাখনা আউত-নাৰায়নপুৰ ইন" শীর্ষক প্ৰকাশিত বাতৰিৰ পাছত ব্যাপক ক্ষোভ ,অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াই গা কৰি উঠিছে ।
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মতেই লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন নাৰায়নপুৰলৈহে স্থানান্তৰ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰাৰ পাছত বিগত ১০ বছৰীয়া ললিপপৰ তিক্ত স্বাদ আজি বুজি উঠিছে মহকুমাবাসীয়ে । এইক্ষেত্ৰত বিধায়ক নৱ দলেৰ ৰাজনৈতিক শক্তিহীনতাকলৈয়ো প্ৰশ্ন তুলি সৰৱ চর্চা চলিছে হাটে বাটে আৰু সামাজিক মাধ্যমত।
প্ৰথম অৱস্থাত ঢকুৱাখনা সদৰত আৰু পৰৱৰ্তী সময়ত কদম বগীনদীত চিকিৎসালয়খন স্থাপনৰ চর্চা চলি থকাৰ সময়তে এই সকলো জল্পনা কল্পনা উৰুৱাই একেবাৰে নব দলেৰ ঢকুৱাখনা সমষ্টিৰ বাহিৰৰ নাৰায়নপুৰলৈ লৈ যোৱাৰ পাছতো বিধায়ক দলেয়ে কিয় টোপনী মাৰি থাকিল তাক জানি শুনি ভাবি স্তম্ভিত ঢকুৱাখনাবাসী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ea53566e-8ffd-4ada-bb9c-d759c9489f0c/7a253e40_59c4_4207_831c_b2c2d6ece703.jpg)
শেহতীয়াকৈ বাতৰি প্ৰকাশৰ পাছতে কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পোৱা দলৰ এচাম স্তাৱকে ঢকুৱাখনাত পৃথকভাৱে নিৰ্মীয়মাণ মহকুমা অসামৰিক চিকিৎসালয়খনকে জিলা অসামৰিক চিকিৎসালয়ৰ ভুৱা প্ৰচাৰ চলাই নিজৰ লগতে দলৰ ৰাজনৈতিক নগ্নতা ঢাকিবলৈ নির্লজ প্ৰচেষ্টা আৰম্ভ কৰিছে। প্ৰাপ্ত তথ্য মতে ইতিমধ্যে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ এটা নতুন চিকিৎসালয় গৃহ নিৰ্মাণ কৰি থকা হৈছে ।
যোৱা ৫ জুনত এই মহকুমা অসামৰিক চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল সাংসদ প্ৰদান বৰুৱা ,বিধায়ক নৱ দলে আৰু জিলা আয়ুক্ত শোণিত সত্বাৱনৰ উপস্থিতিত। এইখন চিকিৎসালয় বৰ্তমানে ঢকুৱাখনা সদৰত উপলব্ধ মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ৰূপ ।
বাস্তৱ বিষয়টো হ'ল এখন জিলা অসামৰিক চিকিৎসালয়ত উপলব্ধ সকলো চৰকাৰী উন্নত মানৰ সা সুবিধা , ব্লাড বেংক, চি টি স্কেনাৰ, পুষ্ট মৰ্টেম বিভাগকে প্ৰমুখ্য কৰি এনে বহুবোৰ অতি জৰুৰী সেৱা মহকুমা পৰ্যায়ৰ চিকিৎসালয়ত উপলব্ধ নহ'ব। যাৰ কাৰণে আজীৱন এনেবোৰ জৰুৰী চৰকাৰী সেৱা লাভৰ বাবে গাঁঠিৰ ধন ভাঙি দৌৰি থাকিব লাগিব ঢকুৱাখনাবাসী ।
উল্লেখ্য যে, ঢকুৱাখনা মহকুমা প্ৰশাসনে প্ৰায় এবছৰৰ পূৰ্বে নগৰৰ মিনি ষ্টেডিয়ামৰ সমীপত প্ৰায় ২৫ বিঘা মাটি ঢকুৱাখনা মেডিকেলৰ নামত চিহ্নিত কৰি জিলা অসামৰিক চিকিৎসালয়খন স্থাপনৰ প্ৰাৰম্ভিক কাৰ্য আগুৱাই ৰাখিছিল। প্ৰয়োজন সাপেক্ষে মিনি ষ্টেডিয়ামখনৰো ভূমি মেডিকেল নিৰ্মাণৰ বাবে উলিয়াই দিয়াৰ সপক্ষে প্ৰশাসনে চিন্তা চৰ্চা কৰিছিল । যাতে মাটিৰ অভাৱত গুৰুত্বপূৰ্ণ চৰকাৰী চিকিৎসালয়খন ঢকুৱাখনাৰ পৰা আঁতৰি নাযায় ।
পিছে এনে প্ৰশাসনীয় সষ্টমতাৰ পাছতো কেৱল জনপ্ৰতিনিধিৰ ৰাজনৈতিক অদক্ষতা আৰু শক্তিহীনতাৰ বাবে আজি ঢকুৱাখনাই হেৰুৱাব লগা হ'ল এইখন গুৰুত্বপূৰ্ণ চিকিৎসালয়। বিগত ডেৰ দশক ধৰি ঢকুৱাখনা স্বাস্থ্য বিভাগৰ তিলমানো উত্তৰণ নঘটা, মহকুমাবাসী ৰোগাক্ৰান্তৰ জীৱনকলৈ চৰকাৰী ভাবে ভয়ংকৰ হেতালি খেলি অহা, বছৰ বছৰ ধৰি বিশেষজ্ঞ চিকিৎসকৰ সেৱা লাভ নকৰা আদি মানৱ অধিকাৰ ভংগকাৰী সীমাহীন সমস্যাৰ স্থায়ী সমাধান নকৰিলে আৰু কৰাত গুৰুত্ব নিদিলে চৰকাৰ আৰু বিধায়ক দলেয়ে ।
ঢকুৱাখনাবাসীৰ জীৱনক কোনো দিনেই মূল্য নিদিয়া বিধায়ক দলে,চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ঢকুৱাখনা বিদ্বেষী দৃষ্টিভংগীক কটু সমালোচনা কৰিছে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে। ঢকুৱাখনাবাসীৰ মৌলিক অধিকাৰ খৰ্ব কৰি ৰোগাক্ৰান্ত নাগৰিকৰ জীৱনকলৈ হেতালি খেলা চৰকাৰ,জনপ্ৰতিনিধিৰ এনে দায়িত্বহীন আচৰণৰ তীব্ৰ প্ৰতিবাদ কৰি গগৈয়ে মহকুমাবাসীৰ স্বাস্থ্য সুৰক্ষাগত দিশটো অধিক সক্ৰিয় আৰু সহজলভ্য কৰি তোলাৰ দাবী জনাইছে। অন্যথাই ৰাইজৰ সহযোগত ব্যাপক গণআন্দোলনৰ পাতনি মেলাৰো সকীয়নী দিছে।