ADRE পৰীক্ষা : মৰিগাঁও জিলাৰ পৰীক্ষাৰ্থীৰ বাবে জিলা পৰিবহণ কাৰ্যালয়ে লৈছে বিশেষ পদক্ষেপ...

ADRE পৰীক্ষা : মৰিগাঁও জিলাৰ পৰীক্ষাৰ্থীৰ বাবে জিলা পৰিবহণ কাৰ্যালয়ে লৈছে বিশেষ পদক্ষেপ...
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁও : আগন্তুক ADRE পৰীক্ষাত মৰিগাঁও জিলাৰ ২৮ হাজাৰ পৰীক্ষাৰ্থীৰ যাতে যাতায়তৰ ক্ষেত্ৰত সুবিধা হয় তাৰ বাবে জিলা পৰিবহণ কাৰ্যালয়ে গ্ৰহণ কৰিছে এক পদক্ষেপ। কিয়নো ৰাজহুৱা বাহনৰ উপলব্ধতা সীমিত হোৱাৰ হেতু পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰলৈ অহা-যোৱা কৰা যাতায়তৰ ব্যৱস্থা নিজে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

এনে ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ সহায়ক হোৱাকৈ মৰিগাঁও জিলাৰ নিৰ্দিষ্ট ষ্টেণ্ডৰ পৰা পেমেণ্টত বিশেষভাৱে নিৰ্ধাৰিত বাছ, মেজিক আৰু ট্ৰেভেলাৰ বাহন উপলব্ধ হ’ব বুলি জিলা পৰিবহণ কাৰ্যালয়ে জানিবলৈ দিয়ে।

এই সেৱাসমূহৰ সময় তলত দিয়া ধৰণৰ :

১৪ ছেপ্টেম্বৰ : সন্ধিয়া ৪ বজাৰ পৰা নিশা ৯ বজালৈ।

১৫ ছেপ্টেম্বৰ : পুৱা ৫:৩০ বজাৰ পৰা ৮ বজালৈ উপলব্ধ হ'ব যান-বাহন।

গতিকে পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰত সময়মতে উপস্থিত হোৱাটো নিশ্চিত কৰিবলৈ আগতীয়াকৈ ভ্ৰমণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হৈছে। লগতে উল্লেখ কৰে যে ব্যক্তিগত ভ্ৰমণ ব্যৱস্থাৰ বাবে জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগ দায়বদ্ধ নহ'ব।

ADRE পৰীক্ষা : মৰিগাঁও জিলাৰ পৰীক্ষাৰ্থীৰ বাবে জিলা পৰিবহণ কাৰ্যালয়ে লৈছে বিশেষ পদক্ষেপ...
পবিত্ৰ ভাদ মাহ উপলক্ষে জাপিয়াত সাতদিনীয়া ভাগৱত পাঠ আৰু নাম প্ৰসংগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in