/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/db1bc7ae-0397-4ced-808c-bc791c5a1e43/manoj_kumar_goswami_26.jpg)
মনোজ কুমাৰ গোস্বামীলৈ 'প্ৰয়াত দয়াল কৃষ্ণ বৰা স্মাৰক ব্ৰহ্মপুত্ৰ উপত্যকা সমাজ হিতৈষী বঁটা'
ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিশিষ্ট সাংবাদিক, সাহিত্য অকাডেমী বঁটা প্ৰাপক গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ 'প্ৰয়াত দয়াল কৃষ্ণ বৰা স্মাৰক ব্ৰহ্মপুত্ৰ উপত্যকা সমাজ হিতৈষী বঁটা'। ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন 'সহায়, অসম'- এ এই বঁটা আগবঢ়াইছে বিশিষ্ট সংবাদিক, সাহিত্যিকগৰাকীক।
উল্লেখ্য যে, সমাজৰ আৰ্থ সামাজিক বিকাশৰ বাবে বিভিন্ন পদক্ষেপ লৈ অহাৰ সমান্তৰালকৈ সমাজ জীৱনলৈ নিজৰ সৃষ্টিৰাজিৰে উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা ব্যক্তিক স্বীকৃতি দিয়াৰ উদ্দেশ্যেৰে ধাৰাবাহিক ভাৱে বিগত বছৰসমূহত এই বঁটা আগবঢ়াই আহিছে। ইতিপূৰ্বে এই বঁটা বিশিষ্ট সাংবাদিক, সাহিত্যিক কনকসেন ডেকা, ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীলৈ আবঢ়োৱা হৈছিল।
মৰিগাওঁ জিলাৰ সু-সন্তান বৈষ্ণৱ পণ্ডিত দয়াল কৃষ্ণ বৰাৰ স্মৃতিত আগবঢ়ায় অহা এই বঁটা এইবাৰ মনোজ কুমাৰ গোস্বামীক আগবঢ়োৱা হ'ব বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে। ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ লগতে এখন দৈনিক কাকতৰ মুখ্য সম্পাদক পদত থকা মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰিব উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। অহা ১ জুলাইৰ বিয়লি ২ বজাত মৰিগাওঁ চহৰৰ পবিতৰা হাটত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ সভাত এই বঁটা প্ৰদান কৰিব।
Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণঃ অখিল গগৈক উভতি ধৰিলে বিধায়ক ভুৱন পেগুৱে...