ডিমৰীয়া বিত্তীয় স্বাক্ষৰতা কেন্দ্ৰত উপস্থিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অসম শাখাৰ ক্ষেত্ৰীয় সঞ্চালক

ডিমৰীয়া বিত্তীয় স্বাক্ষৰতা কেন্দ্ৰত উপস্থিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অসম শাখাৰ ক্ষেত্ৰীয় সঞ্চালক

author-image
Asomiya Pratidin
New Update
ডিমৰীয়া বিত্তীয় স্বাক্ষৰতা কেন্দ্ৰত উপস্থিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অসম শাখাৰ ক্ষেত্ৰীয় সঞ্চালক

ডিজিটেল সংবাদ,মায়ং: ক্ৰিছিল ফাউণ্ডেশ্যনৰ দ্বাৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনত চলি থকা বিত্তীয় স্বাক্ষৰতা প্ৰকল্পৰ এটা কেন্দ্ৰ শুকুৰবাৰে পৰিদৰ্শন কৰে ৰিজাৰ্ভ বেংকৰ অসম শাখাৰ ক্ষেত্ৰীয় সঞ্চালক সুস্মিতা ফুকন আৰু মহাপ্ৰৱন্ধক অলক ৰঞ্জন ৰানাৰাহুই। আজি কামৰূপ জিলাৰ সোণাপুৰৰ বৰখাতত এবছৰ ধৰি চলি থকা ডিমৰীয়া বিত্তীয় স্বাক্ষৰতা কেন্দ্ৰটো পৰিদৰ্শন কৰি বিষয়া-কৰ্মচাৰীসকলৰ সতে বিত্তীয় লেনদেন সন্দৰ্ভত গ্ৰাহকসকলৰ সতে কি দৰে মত বিনিময় কৰিলে সাৰ্থক হ’ব পাৰি সেই দিশবোৰৰ ওপৰত পৰ্যালোচনা কৰে।

Advertisment

তাৰ পিছতেই বিষয়া দুগৰাকী গৈ উপস্থিত হয় সোনাই এন চি গাঁৱৰ উৰল ৰঙ্গমঞ্চত আয়োজিত এখন বিত্তীয় সজাগতা সভাত। ডিমৰীয়া বিত্তীয় স্বাক্ষৰতা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাখনৰ আঁত ধৰে মৰিগাঁও জিলাৰ ভুৰবন্ধা চি এফ এলৰ কেন্দ্ৰ পৰিচালক ধনীৰাম ডেকাই।

ডিমৰীয়া চি এফ এলৰ ক্ষেত্ৰ সমন্বয়ক অংকিতা গোস্বামীয়ে সজাগতা সভাখনত শতাধিক মহিলাৰ সন্মুখত সাপ আৰু জখলা খেলৰ জৰিয়তে বিত্তীয় পৰিকল্পনা,স্বাস্থ্য বীমা আদি বিষয় সন্দৰ্ভত বক্তব্য দাঙি ধৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা সংশ্লিষ্ট বেংকসমূহৰ জৰিয়তে গ্ৰাহকসকলৰ  বাবে কি ধৰণৰ  সুবিধা  প্ৰদান কৰা হৈ আহিছে সেই কথাবোৰ ক্ষেত্ৰীয় সঞ্চালক সুস্মিতা ফুকনে নিজৰ  বক্তব্যত উল্লেখ কৰে।

পৰিদৰ্শনকালত সঞ্চালকগৰাকীৰ সতে উপস্থিত থাকে ৰিজাৰ্ভ বেংকৰ মহাপ্ৰবন্ধক অলক ৰঞ্জন ৰানাৰাহু, নডেল অফিচাৰ চিৰঞ্জীৱ ডেকা,দেৱজিত ৰয়,ক্ৰিছিল ফাউণ্ডেশ্যনৰ জুনেল অফিচাৰ পাৰ্থ শক্তি পাটোৱাৰী, ক্ৰিছিলৰ আঞ্চলিক প্ৰবন্ধক দুলন বৰুৱা, জ্যেষ্ঠ মেনেজাৰ বিৰেণ দাসকে ধৰি কেইবাগৰাকীও বিষয়া কৰ্মচাৰী। সজাগতা সভা শেষ কৰি উঠি দলটো ৰাওনা হয় কমলাজাৰীত থকা এটা অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ।

ৰিজাৰ্ভ বেংকৰ অধীনত চলি থকা এই বৃহত প্ৰকল্পৰ দ্বাৰা  বেংকৰ গ্ৰাহক আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকল যে যথেষ্ট উপকৃত  হৈছে সেই কথা জানিবলৈ দিয়ে। বিত্তীয় লেনদেন, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, বিভিন্ন ধৰণৰ বেংকৰ আঁচনি, অচল নোটৰ প্ৰয়োগ, এ টি এমৰ সুবিধা-  অসুবিধাকে ধৰি অন্যান্য দিশৰ ওপৰত বিস্তৃতভাৱে বক্তব্য আগবঢ়াই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ক্ষেত্ৰীয় সঞ্চালকগৰাকীয়ে। যিবোৰ ঠাইত বেংকৰ সুবিধা নাই, গ্ৰাহকে বেংকৰ সা সুবিধাসমূহৰ কথা বুজি নাপাই তেনেবোৰ অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰি গ্ৰাহকসকলক সজাগ কৰাই হ’ল চি এফ এলৰ প্ৰধান কাম।

বেংকৰ বিত্তীয় লেনদেন আৰু পেঞ্চন আঁচনিসমূহৰ বিষয়েও ৰাইজক অৱগত কৰে অতিথিসকলে। উল্লেখযোগ্য যে ডিমৰীয়া কেন্দ্ৰৰ পৰিচালক ৰূপম কুমাৰ ডেকা,ক্ষেত্ৰ সমন্বয়ক অংকিতা গোস্বামী, ডাটা অপাৰেটৰ চুমি প্ৰধানে আজিৰ অনুষ্ঠান সফল কৰি তোলাত সহায় কৰে। লগতে উপস্থিত থাকে ক্ৰিছিল ফাউণ্ডেশ্যনৰ কেবাজনো বিষয়া।

Also Read: নগাঁও কলেজ (অট’নমাচ)ত ‘আৱৰ্জনাৰ পৰা কেঁচুসাৰ প্ৰস্তুতকৰণ প্ৰণালী আৰু ইয়াৰ গুৰুত্ব’ শীৰ্ষক কৰ্মশালা

bank MAYANG