ৰাজুমনি শইকীয়ালৈ 'সন্মানীয় দিগ্বিজয় সাহিত্য সন্মান' আৰু 'শিৱশংকৰ দে স্মৃতি সাহিত্য সন্মান'

ৰাজুমনি শইকীয়ালৈ 'সন্মানীয় দিগ্বিজয় সাহিত্য সন্মান' আৰু 'শিৱশংকৰ দে স্মৃতি সাহিত্য সন্মান'

author-image
Asomiya Pratidin
New Update
ৰাজুমনি শইকীয়ালৈ 'সন্মানীয় দিগ্বিজয় সাহিত্য সন্মান' আৰু 'শিৱশংকৰ দে স্মৃতি সাহিত্য সন্মান'

ডিজিটেল সংবাদ, জাগীৰোড: ৮ অক্টোবৰত প্ৰথম দাৰ্জিলিং লিটাৰেৰী ফেষ্টিভেলত অসমৰ বহুভাষী কবি ৰাজুমনি শইকীয়াক তেওঁৰ সাহিত্য কৰ্মৰ বাবে বছৰটোৰ "সন্মানীয় দিগ্বিজয় সাহিত্য সন্মান" প্ৰদান কৰা হয়৷ কেয়াৰ অৱ দাৰ্জিলিং নামৰ সাহিত্য সংগঠনটোৱে আয়োজন কৰা সৰ্বভাৰতীয় কবি সন্মিলনত এই সন্মানীয় বঁটা প্ৰদান কৰা হয় কবিগৰাকীক ৷

Advertisment

উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন ৰাজ্যেৰ পৰা সমবেত শতাধিক গুণী কবিৰ ওপৰিও বাংলদেশ, ভূটান আৰু নেপালৰ কেইবাজনো কবিয়ে অংশ গ্ৰহণ কৰে এই সৰ্বভাৰতীয় কবি সন্মিলনত ৷

ইয়াৰ উপৰিও ৭ অক্টোবৰৰ দিনা পশ্চিমবংগৰ এখন বিশেষ গ্রন্থ উন্মোচনী সভাত অসমৰ বহুভাষী কবি ৰাজুমণি শ‍ইকীয়াৰ ‘তবু আমি কবি' নামৰ বাংলা ভাষাৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। কলকাতাৰ বসিৰহাটৰ 'আলোৰ সন্ধান প্রকাশনী'য়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে বাংলা কথা শিল্পী বিপুল দাস, কবি সমাজকৰ্মী অৰ্চনা মিত্র, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক প্রহ্লাদ বিশ্বাস, সৰ্বাশিস কুমাৰ পাল, সজল কুমাৰ গুহ আদিয়ে।

উক্ত সভাখনত উপস্থিত থাকে শিলিগুৰিকে ধৰি পশ্চমবংগৰ দুকুৰিৰো অধিক কবি-লেখক-সমালোচক প্রকাশক আদি। এই অনুষ্ঠানতে ৰাজু মণি শ‍ইকীয়াক শিলিগুৰিৰ সমাজকর্মী 'শিৱশংকৰ দে' স্মৃতি সাহিত্য সন্মানো প্ৰদান কৰা হয়। কবি গৰাকীক এই সন্মান প্ৰদান কৰে ৰেড্ডি ফাউনডেশ্চনে। এই বঁটা প্ৰদান কৰে অৰ্চনা মিত্ৰ, সজল দাস, কিশোৰ শ্বাহে।

উল্লেখ্য যে ৰাজুমণি শ‍ইকীয়া এগৰাকী বহুভাষিক কবি হোৱাৰ উপৰিও মৰিগাঁও জিলাৰ জাগী উচ্চত মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক।

Also Read: বিপিএফত যোগদানৰ ইংগিতেৰে তামুলপুৰৰ প্ৰাক্তন বিধায়কৰ বিজেপি ত্যাগ

শিৱশংকৰ দে স্মৃতি সাহিত্য সন্মান সন্মানীয় দিগ্বিজয় সাহিত্য সন্মান