টেঙাখাত সৰু-অভয়পুৰীয়াৰ কদৰ্য পথক লৈ স্থানীয় মহিলাৰ প্ৰতিবাদ

টেঙাখাত সৰু-অভয়পুৰীয়াৰ কদৰ্য পথক লৈ স্থানীয় মহিলাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
টেঙাখাত সৰু-অভয়পুৰীয়াৰ কদৰ্য পথক লৈ স্থানীয় মহিলাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, টেঙাখাত : সৰু-অভয়পুৰীয়াৰ কদৰ্য পথক লৈ স্থানীয় মহিলাৰ প্ৰতিবাদ। ডিব্ৰুগড় জিলাৰ দুলিয়াজান বিধানসভা সমষ্টিৰ অধীনস্থ তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তুৰ্গত সৰু-অভয়পুৰীয়া গাঁৱৰ মাজেদি যোৱা প্ৰায় ১ কিলোমিটাৰ দৈঘ্যৰ অতিব্যস্থ পথটো জৰাজীৰ্ণ হৈ পৰাত বুধবাৰে ডিব্ৰুগড় জিলা চুতীয়া মহিলা সন্মিলনৰ সভানেত্ৰী দীপা চুতীয়াৰ নেতৃত্বত গাঁৱখনৰ একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

Advertisment

সৰু- অভয়পুৰীয়া প্ৰাথমিক বিদ্যালয়ত অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত বিশেষ কাৰ্যসূচীৰ অন্তত ছাত্ৰ- ছাত্ৰীসকলক লৈ উক্ত বোকাময় জৰাজীৰ্ণ পথত পায়চাৰী কৰি বিশেষ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী মহিলাসকলৰ নেতৃত্ব প্ৰদান কৰা দীপা চুতীয়াই সংবাদ মাধ্যমৰ আগত উক্ত পথটো অনতিপলমে নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰক দাবী জনায় ।

অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰে। ইফালে স্থানীয় ৱাৰ্ড-মেম্বাৰগৰাকী কংগ্ৰেছ দলৰ হোৱাৰ বাবে স্থানীয় বিধায়ক তেৰচ গোৱালাই মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ কৰি তীব্ৰ ক্ষোভ ব্যক্ত প্ৰকাশ কৰে।

লগতে এনে দৃষ্টিভংগী সলনি নকৰিলে আগন্তুক দিনত চুতীয়া ৰাইজক ভোটদানৰ পৰা বিৰত থাকিবলৈ সংগঠিত কৰিব বুলি ভাবুকি প্ৰদান কৰে ।

Also Read: ভাল খবৰ ! অতি শীঘ্ৰেই ভক্তৰ বাবে খোল খাব অযোধ্যাৰ ৰাম মন্দিৰ

protest