সতীভেটি কৃষি পথাৰত ইটা ভাটা উদ্যোগ স্থাপনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

সতীভেটি কৃষি পথাৰত ইটা ভাটা উদ্যোগ স্থাপনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
সতীভেটি কৃষি পথাৰত ইটা ভাটা উদ্যোগ স্থাপনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

ডিজিটেল সংবাদ, মায়ং: মায়ঙৰ সতীভেটি কৃষি পথাৰত ইটা ভাটা উদ্যোগ স্থাপনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ। প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক কৃষক। বি বি এ ইটা ভাটা স্থাপনৰ বিৰুদ্ধে অঞ্চলটোৰ কৃষকসকলে কৰিছে প্ৰতিবাদ।

Advertisment

উল্লেখ্য যে, মায়ঙৰ সতীভেটীৰ এই অঞ্চলত প্ৰতি বছৰে ২বাৰকৈ খেতি কৰা হয়। কৃষিজীৱি ৰাইজৰ বাবে খেতিয়েই একমাত্ৰ উপাৰ্জনৰ থল। তেনে পৰিস্থিতিত তাত ইটাৰ ভাটা স্থাপন কৰিলে এইসকল কৃষিজীৱি ৰাইজৰ ওপৰত ৰাম টাঙোন পৰাৰ দৰে অৱস্থা হ'ব।

তাৰ পিছতো মায়ং গাঁও পঞ্চায়ত, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু কৃষি বিভাগে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটোক কিহৰ ভিত্তিত আপত্তিবিহীন প্ৰমাণ পত্ৰ দিলে তাকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। ক্ষোভিত কৃষকসকলে "পুজিপতি হুচিয়াৰ", "দালাল সকল হুচিয়াৰ", "এই জুই জ্বলিছে, জ্বলিবই", "আছে হেং ডাং লোৱা নাই,ললে হেংদাং ৰক্ষা নাই", "জাতি মাটি ভেটি ৰক্ষা কৰক" আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে চেংমাৰী পথাৰ।

ইটা ভাটাৰ মালিকৰ পৰা ধন লৈ অঞ্চলটোৰ এচাম সুবিধা বাদী লোকে দালালি কৰি থকাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। কৃষক ৰাইজৰ ক্ষোভিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে প্ৰতিবাদস্থলীত।

Also Read: পুৰনিগুদামৰ পৰা অপহৃত ছাত্ৰীক গোৱালপাৰাত উদ্ধাৰ

MAYANG