পুৰনিগুদামৰ পৰা অপহৃত ছাত্ৰীক গোৱালপাৰাত উদ্ধাৰ

পুৰনিগুদামৰ পৰা অপহৃত ছাত্ৰীক গোৱালপাৰাত উদ্ধাৰ

ডিজিটেল সংবাদ, নগাঁও: শনিবাৰে নগাঁৱৰ পৰা অপহৰণ হোৱা ছাত্ৰীক গোৱালপাৰাত উদ্ধাৰ কৰে আৰক্ষীয়ে৷ শনিবাৰে কলেজত পৰীক্ষা দি ঘৰলৈ উভতাৰ পথতেই ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল একাদশ বৰ্ষৰ ছাত্ৰী গৰাকী ৷ নগাঁৱৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আছিল ছাত্ৰীগৰাকী৷ পুৰণিগুদাম অঞ্চলৰ ছাত্ৰী গৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছিল ৷

অৱশেষত নিশা গোৱালপাৰা আৰক্ষীয়ে অপহৰণকাৰীৰ সৈতে উদ্ধাৰ কৰে ছাত্ৰী গৰাকীক৷ ছাত্ৰী গৰাকীক সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে দুপৰীয়া নগাঁও আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীৰ পৰা চমজি ল'ব অপহৰণকাৰী আৰু অপহৃতা ছাত্ৰী গৰাকীক ৷ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

পুৰনিগুদামৰ পৰা অপহৃত ছাত্ৰীক গোৱালপাৰাত উদ্ধাৰ
বিশ্বকাপত আজি ভাৰত বনাম ইংলেণ্ড, স্পিনাৰৰ বাবে নে ছিমাৰৰ বাবে একানাৰ পীটছ ? জানি লওঁক সবিশেষ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in